নেশ্যনেল ডেস্ক, ৮ জুন: লক ডাউনৰ ফলত দেশজুৰি মহিলাসকলৰ বিৰুদ্ধে অত্যাচাৰ বৃদ্ধি পাইছে আৰু এই ক্ষেত্ৰত মহিলাসকলে গোচৰো ৰুজু কৰিবলৈ অসমৰ্থ হৈছে । এক প্ৰশ্নৰ উত্তৰযোগে দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে সদৰী কৰে এই কথা ।
দেশত বৃদ্ধি পোৱা মহিলাৰ বিৰুদ্ধে অত্যাচাৰ সন্দৰ্ভত মন্তব্য় কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী - সকলো ৰাজ্যতে ৩৫ টা হেল্প লাইন নম্বৰ উপলব্ধ
লক ডাউনৰ এই সময়ছোৱাত দেশজুৰি মহিলাসকলৰ বিৰুদ্ধে অত্যাচাৰ বৃদ্ধি পাইছে আৰু এই ক্ষেত্ৰত মহিলাসকলে গোচৰো ৰুজু কৰিবলৈ অসমৰ্থ হৈছে বুলি মন্তব্য প্ৰদান কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ । এই ক্ষেত্ৰত দেশৰ সকলো ৰাজ্যতে ৩৫ টা হেল্প লাইন নম্বৰ উপলব্ধ কৰা হৈছে ।
কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ তথা হস্তশিল্প মন্ত্ৰী স্মৃতি ইৰাণীয়ে কয় যে,দেশৰ বেচৰকাৰী সংস্থা সমূহত হোৱা কেলেংকাৰীৰ বাবে কৰ্মৰত প্ৰায় ৮০ শতাংশ মহিলাক অত্যাচাৰ কৰা হৈছে । কিন্তু প্ৰতিজন পুৰুষে মহিলাৰ ওপৰত অত্যাচাৰ চলোৱা নাই । লক ডাউনৰ সময়ছোৱাত আৰক্ষীসকলেও প্ৰশংসনীয় কাম কৰি আছে । মহিলাসকলৰ লগতে শিশুসকলৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এই ক্ষেত্ৰত দেশৰ সকলো ৰাজ্যতে ৩৫ টা হেল্প লাইন নম্বৰ উপলব্ধ কৰোৱা হয় বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক: 75 দিনৰ অন্তত হৰি নামৰ ধ্বনিৰে মুখৰিত বটদ্ৰৱা থান