অসম

assam

ETV Bharat / bharat

চলন্ত বাহনৰ ভিতৰতে মহিলাক হত্যা: আৰক্ষীৰ জালত হত্যাকাৰী

ঘটণাটো সংঘটিত হৈছে এখন টেক্সিৰ ভিতৰত । চলন্ত অৱস্থাতে কোনো বিষয় লৈ টেক্সিখনৰ চালক আৰু মহিলাগৰাকীৰ মাজত আৰম্ভ হৈছিল কাজিয়া । তাৰ পাছতে গাড়ীৰ ভিতৰতে চালকজনে হত্যা কৰিলে মহিলাগৰাকীক । হত্যাকাৰী চালকজনে মৃত্যু হোৱা মহিলাগৰাকীক পেলাই থৈ গ'ল পথৰ কাষৰ এটা পুখুৰীত ।ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী চালকজনক ।

By

Published : Jul 4, 2020, 8:47 PM IST

Woman murdered in moving vehicle, body dumped in canal in West Bengal
কলকাতাত চলন্ত বাহনৰ ভিতৰতে মহিলাক হত্যা: হত্যাকাৰীক আটক

নিউজ ডেস্ক,৪জুলাই: শনিবাৰে কলকাতাৰ পূৱ মেট্ৰপলিটান বাইপাচৰ কাষৰ এটা পুখুৰীত উদ্ধাৰ কৰা হৈছিল প্ৰায় চল্লিশ উৰ্ধৰ এগৰাকী মহিলাৰ মৃতদেহ । আৰক্ষীয়ে জানিবলৈ দিয়া মতে এখন চলন্ত টেক্সীগাড়ীৰ ভিতৰতে মহিলাগৰাকীক হত্যা কৰি পুখুৰীটোত পেলাই দিয়া হৈছিল । আৰক্ষীয়ে মৃত মহিলাগৰাকীৰ শৱ উদ্ধাৰৰ লগতে এপ্লিকেচনৰ জড়িয়তে চলা টেক্সীখনৰ চালককো ইতিমধ্যে আটক কৰিছে ।

আৰক্ষীৰ জেৰাত ইতিমধ্যে অভিযুক্ত টেক্সীচালকজনে হত্যাৰ কথা স্বীকাৰ কৰি কলে, মহিলাগৰাকীক তেওঁ পূৰ্বৰে পৰা জানে আৰু মহিলাগৰাকীৰ পৰা তেওঁ পইচা ধাৰলৈ লৈছিল । টালিগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত মোদিয়ালিত কোনো ব্যক্তিৰ ঘৰত ঘৰুৱা কৰ্মী হিচাৱে কাম কৰা মহিলাগৰাকীক অভিযুক্ত চালকজনে শুকুৰবাৰে দুপৰীয়া গাড়ীত উঠাই লৈছিল । তাৰ পাছত গাড়ীৰ ভিতৰতে দুয়োৰে কাজিয়া হৈছিল আৰু মহিলাগৰাকীয়ে ধাৰলৈ দিয়া ধনখিনি ঘূৰাই বিছাৰিছিল । শেষ পৰিনতিত চালকজনে মহিলাগৰাকীক ডিঙি চেপি হত্যা কৰি মৃতদেহ পেলাবৰ বাবে স্থানৰ সন্ধান কৰে । অৱশেষত কলকাতাৰ পূৱ মেট্ৰপলিটান বাইপাচৰ কাষৰ এটা পুখুৰীত পেলাই দিয়ে মৃতদেহটো ।

কলকাতাত চলন্ত বাহনৰ ভিতৰতে মহিলাক হত্যা: হত্যাকাৰীক আটক

মহিলাগৰাকীৰ সন্ধান নাপাই মহিলাগৰাকীৰ স্বামীয়ে ইতিমধ্যে টালিগঞ্জ আৰক্ষী থানাত এটা গোচৰ ৰুজো কৰিছিল । আৰক্ষীয়ে হত্যাকাণ্ডৰ সময়ত ব্যৱহৃত টেক্সীখন জব্দ কৰাৰ লগতে অধিক তথ্যৰ বাবে হত্যাকাৰী চালকক জেৰা অব্যাহত ৰাখিছে।

ABOUT THE AUTHOR

...view details