নিউজ ডেস্ক, 17 ছেপ্তেম্বৰ: বৃহস্পতিবাৰে শ্ৰীনগৰৰ বাটামালো এলেকাত সুৰক্ষা বাহিনী আৰু পাক সন্ত্ৰাসবাদীৰ মাজত হোৱা এনকাউণ্টাৰত এগৰাকী মহিলা নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী নিৰাপত্তাৰক্ষী বিষয়া আৰু দুগৰাকী চিআৰপিএফ জোৱান ৷ ভাৰতীয় সেনা কৰ্তৃপক্ষই এই কথা জানিবলৈ দিয়ে ৷
সেনা কৰ্তৃপক্ষই জনোৱা মতে, পুৱতি নিশা প্ৰায় 2.30 বজাত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ উমান পোৱাৰ পাচত নিৰাপত্তাৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে ৷ সন্ত্ৰাসবাদীয়ে কৰা গুলীচালনাৰ পাচতে এই পৰিস্থিতি এনকাউণ্টাৰলৈ পৰিৱৰ্তিত হয় ৷
ইফালে, দুয়োপক্ষৰ মাজত হোৱা গুলীয়াগুলীত অঞ্চলটোৰ কৌঞ্চাৰ ৰিয়াজ নামৰ এগৰাকী মহিলা নিহত হয় ৷ লগতে, এগৰাকী নিৰাপত্তাৰক্ষী বিষয়াসহ দুগৰাকী চিআৰপিএফ জোৱান গুৰুতৰভাৱে আহত হোৱা বুলি সেনা সূত্ৰই জানিবলৈ দিয়ে ৷ আহত সুৰক্ষা জোৱান কেইগৰাকীক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷
উল্লেখ্য যে, যোৱা 30 আগষ্টত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা গুলীয়াগুলীত তিনিটা সন্ত্ৰাসবাদী আৰু এগৰাকী আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক নিহত হোৱাৰ পাচৰে পৰা এনকাউণ্টাৰ অব্যাহত আছে ৷
লগতে পঢ়ক:নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লীৰ প্ৰধানমন্ত্ৰী মোদীলৈ জন্মদিনৰ শুভেচ্ছা