নেশ্যনেল ডেস্ক, 7 অক্টোবৰ:ঝাৰখণ্ডৰ জামতাৰা জিলাৰ এগৰাকী 25 বছৰীয়া মহিলাই তেওঁৰ 8 মহীয়া পুত্ৰৰ লগতে নিজৰ গাত জুই লগাই আত্মহত্যা কৰে ৷ এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰা অনুসৰি,মঙলবাৰে নেলা থানাৰ অন্তৰ্গত চুৰুয়াপানি এলেকাত সংঘটিত হয় এই ঘটনা ৷
নালা সংমণ্ডলীয় আৰক্ষী বিষয়া মনোজ কুমাৰ ঝাই উল্লেখ কৰিছে যে,প্ৰাথমিক অনুসন্ধানত মহিলাগৰাকী মানসিকভাৱে ভাগি আছিল বুলি জানিব পৰা গৈছে ৷ ইয়াৰ কাৰণ হ'ল,বিগত তিনিমাহে তেওঁৰ পুত্ৰত কোনো ৰোগত আক্ৰান্ত হৈ আছিল ৷
মহিলাগৰাকী বিসাখী মুৰ্মু বুলি চিনাক্ত কৰা হৈছে ৷ তেওঁ নিজৰ পিতৃ-মাতৃৰ ঘৰত নিজৰ পুত্ৰৰ সৈতে বাস কৰিছিল ৷ কিয়নো তেওঁৰ স্বামী ৰঞ্জিত টুডুৰ নাছিল কোনো উপাৰ্জনৰ থল ৷
মহিলা গৰাকীৰ পিতৃ-মাতৃৰ মতে,মহিলাগৰাকী নিজ পুত্ৰৰ সৈতে বাহিৰলৈ গৈছিল সকলো শুই থকাৰ সময়ত ৷ তাৰ পাচতেই তেওঁ নিজৰ লগতে শিশুটিৰ গাত কেৰাচিন তেল ঢালি অগ্নি সংযোগ কৰে ৷
ইয়াৰোপৰি তেওঁলোকে কয় যে,তেওঁলোকৰ লগতে গাঁৱৰ অন্যান্য লোকে মহিলাগৰাকীৰ চিঞৰ শুনিছিল ৷ তাৰ পাচতেই তেওঁলোকে অগ্নি নিৰ্বাপন কৰাৰ চেষ্টা কৰিছিল আৰু তেওঁলোকক চিকিৎসালয়তো ভৰ্তি কৰাইছিল ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে তেওঁলোকে শেষ নিশ্বাস ত্যাগ কৰে ৷
উল্লেখ্য যে,মুৰ্মুৰ স্বামীয়ে নিয়মিতভাৱে নিজকে বচাই ৰাখিবলৈ আৰু শিশুটিৰ চিকিৎসাৰ বাবে তেওঁক টকা পঠিয়াইছিল ৷ আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি,পৰৱৰ্তী সময়ত মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে,ঘটনা সম্পৰ্কে তদন্ত আৰম্ভ কৰা হৈছে ৷
লগতে পঢ়ক:হাথৰস কাণ্ড: SITৰ প্ৰতিবেদন জমা দিয়াৰ সময় ১০দিনলৈ বৃদ্ধি