অসম

assam

ETV Bharat / bharat

চত্তিশগড়ৰ দন্তেৱাৰাত জিলা উপায়ুক্তৰ সন্মুখত ১৮ মাওবাদীৰ আত্মসমৰ্পন - 18 naxals

চত্তিশগড়ৰ দন্তেৱাৰাত ১৮ জনকৈ মাওবাদীৰ আত্মসমৰ্পন । আত্মসমৰ্পনৰ কৰা ১৮ জনীয়া এই দলটোত এগৰাকী মহিলা সদস্যও আছে । জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপস্থিতিত দলটোৱে কৰিলে আত্মসমৰ্পন ।

Woman among 18 Naxals surrender in Chhattisgarh
চত্তিশগড়ৰ দন্তেৱাৰাত জিলা উপায়ুক্তৰ সন্মুখত ১৮ নক্সলবাদীৰ আত্মসমৰ্পন

By

Published : Jul 2, 2020, 1:17 AM IST

নিউজ ডেস্ক,১ জুলাই: পথ ভঙা, দলং ভঙা, বিভিন্ন স্থানত বিস্ফোৰক স্থাপন কৰা আদিৰ দৰে কামবোৰত নিয়োজিত হৈ থাকি অৱশেষত অতিষ্ঠ হৈ সুযোগ বুজি মাওবাদী শিবিৰৰ পৰা পলায়ন কৰিলে ১৮ জনকৈ মাও উগ্ৰপন্থীয়ে । এই সকলক চাৰি বছৰ পূৰ্বে বলপূৰ্বকভাৱে মাওবাদী উগ্ৰপন্থীয়ে জংঘললৈ লৈ গৈছিল ।

চত্তিশগড়ৰ দন্তেৱাৰাত জিলা উপায়ুক্তৰ সন্মুখত ১৮ নক্সলবাদীৰ আত্মসমৰ্পন

উল্লেখ্য যে, আত্মসমৰ্পন কৰা এই দলটোত সম্ভেদকাৰীক আটকৰ বিনিয়ময়ত পুৰস্কাৰ ঘোষণা হৈ থকা এক এক লাখ টকাৰ বিপৰিতে থকা চাৰিজন মাও সন্ত্ৰাসবাদীও আছে । তাৰোপৰি দলটোত আছে এগৰাকী মহিলা সন্ত্ৰাসবাদীও ।

উল্লেখ্য যে, জিলা উপায়ুক্তৰ সন্মুখত এইদৰে আত্মসমৰ্পন পোন প্ৰথমবাৰ বাবে কৰা হৈছে । প্ৰশাসনে আত্মসমৰ্পনকাৰী প্ৰতিজনকে ১০ হাজাৰকৈ এককালিন সাহাৰ্যও প্ৰদান কৰে । তাৰোপৰি এইসকল আত্মসমৰ্পনকাৰীয়ে পুনৰ পথ নিৰ্মান, দলং নিৰ্মাণ আদিৰ দৰে কামেৰে প্ৰশাসনক সহযোগ কৰি যাব বুলিও জানিবলৈ দিয়ে।

লগতে চাওক-ক’ভিড-১৯ ৰ পৰৱৰ্তী সময়ত ভাৰতৰ অৰ্থনৈতিক পুনৰুদ্ধাৰত স্বচ্ছ ইন্ধন হ’ব পাৰে সহায়ক

ABOUT THE AUTHOR

...view details