নিউজ ডেস্ক , 8 মাৰ্চঃ প্ৰথমবাৰৰ বাবে মহিলা টি20 বিশ্বকাপৰ ফাইনেলত প্ৰবেশ কৰা টীম ইণ্ডিয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্নজনে ৷ গ্ৰুপৰ প্ৰথম মেচতেই বিশ্বচেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰি বৰ্তমানলৈকে অপ্ৰতিৰোধ্য হৈ থকা ভাৰতীয় দলটোক সামাজিক মাধ্যমত ভিডিঅ’যোগে শুভেচ্ছা জ্ঞাপন কৰিছে টীম ইণ্ডিয়াৰ অধ্যক্ষ কুলদ্বীপ যাদৱ , মল্লযোদ্ধা সুশীল কুমাৰ , দিল্লী কেপিটেলৰ স্পীনাৰ অমিত মিশ্ৰই ৷
ভাৰতৰ ৰাষ্ট্ৰীয় বেডমিণ্টন দলৰ প্ৰশিক্ষক পুল্লেলা গোপীচান্দে হৰমপ্ৰীত কৌৰ নেতৃত্বাধীন দলটোক শুভেচ্ছা জ্ঞাপন কৰি বিশেষ খেলখন উপভোগ কৰিবলৈ অনুৰোধ জনায় ৷