অসম

assam

ETV Bharat / bharat

কিয় আৰু কেনেকৈ গ্ৰেপ্তাৰ হ’ল খলনায়ক বিকাশ ডুবে ? - উত্তৰ প্ৰদেশ আৰক্ষী

এসপ্তাহৰ পাচত কাণপুৰৰ এনকাউণ্টাৰত 8 গৰাকী আৰক্ষীৰ হত্যাৰ আঁৰৰ মূল অপৰাধী বিকাশ ডুবেক মধ্য প্ৰদেশৰ উজ্জয়িনীস্থিত মহাকাল মন্দিৰত গ্ৰেপ্তাৰ কৰা হয় ৷

কিয় আৰু কেনেকৈ গ্ৰেপ্তাৰ হ’ল খলনায়ক বিকাশ ডুবে ?
কিয় আৰু কেনেকৈ গ্ৰেপ্তাৰ হ’ল খলনায়ক বিকাশ ডুবে ?

By

Published : Jul 9, 2020, 11:59 PM IST

নেশ্যনেল ডেস্ক, 9 জুলাই : উত্তৰ প্ৰদেশৰ কুখ্যাত গেংগষ্টাৰ বিকাশ ডুবেক বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ উজ্জয়িনীস্থিত মহাকাল মন্দিৰত গ্ৰেপ্তাৰ কৰা হয় ৷ উল্লেখ্য যে, গ্ৰেপ্তাৰৰ সময়ত তেওঁ অভিনেতা সঞ্জয় দত্তৰ ‘খলনায়ক’ ছবিখনৰ সংলাপৰ লগত মিলাই ‘মে হু বিকাশ ডুবে, কাণপুৰৱালা’ বুলি উচ্চাৰণ কৰে ৷

উত্তৰ প্ৰদেশৰ কাণপুৰত 8 গৰাকী আৰক্ষীক হত্যা কৰাৰ পাচত এসপ্তাহ ধৰি পলাতক অৱস্থাত আছিল খলনায়ক বিকাশ ডুবে ৷ ইয়াৰ পিছতে আৰক্ষীয়ে হাৰিয়ানা, দিল্লীৰ লগতে ভাৰত-নেপাল সীমাতো তেওঁৰ সন্ধান চলাইছিল ৷ কাণপুৰৰ সন্তান বিকাশ ডুবেয়ে 1990 দশকৰ অভিনেতা চানী ডেউলৰ ‘অৰ্জুন পণ্ডিত’ ছবিৰ অনুসৰণ কৰি নিজকে অপৰাধীলৈ ৰূপান্তৰিত কৰিছিল আৰু নিজকে ‘পণ্ডিত’ হিচাপে পৰিচয় দি আছিল ৷

মন্দিৰৰ সূত্ৰই সদৰী কৰা মতে, অপৰাধী ডুবেয়ে ৰাতিপুৱা মন্দিৰৰ গেটত প্ৰৱেশ কৰে আৰু আৰক্ষী চকীৰ সমীপৰ এক কাউণ্টাৰৰ পৰা 250 টকাৰ টিকট ক্ৰয় কৰে ৷ যেতিয়া তেওঁ প্ৰসাদ কিনিবলৈ এখন দোকানলৈ যায়, দোকানীজনে ডুবেক চিনাক্ত কৰে আৰু এই কথা আৰক্ষীক অৱগত কৰে ৷

আৰক্ষীয়ে তেওঁক নাম সোধাত তেওঁ ডাঙৰকৈ নামটো ‘বিকাশ ডুবে’ বুলি কয় আৰু ইয়াৰ পিছতে আৰক্ষীসহ সুৰক্ষা বাহিনীয়ে তেওঁক আটক কৰে ৷ প্ৰত্যক্ষদৰ্শীৰ মন্তব্য অনুসৰি, ডুবেৰ সৈতে আৰু দুই সহযোগী জড়িত হৈ আছে ৷ ইতিমধ্য়ে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত সমাপ্ত কৰিছে ৷

এখন ভাইৰেল হোৱা ফটোগ্ৰাফত বিকাশ ডুবেক মন্দিৰৰ কমপ্লেক্সৰ ভিতৰত বহি থকা পৰিলক্ষিত হৈছে ৷ উত্তৰ প্ৰদেশ আৰক্ষীয়ে ইতিমধ্যে বিকাশ ডুবেৰ গ্ৰেপ্তাৰ সন্দৰ্ভত বিভাগীয়ভাৱে নিশ্চিত তথ্য প্ৰদান কৰে ৷ মধ্য প্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰাই গেংগষ্টাৰজনক গ্ৰেপ্তাৰৰ কৃতিত্ব ল’বলৈ চেষ্টা কৰিছে ৷ মিশ্ৰাই কয় যে, বিকাশ ডুবেক কৰা গ্ৰেপ্তাৰৰ পৰিকল্পনাৰ বিষয়ে আৰক্ষীৰ দ্বাৰা পাচত ৰাজহুৱা কৰা হ’ব ৷ ডুবেক সৰুকালৰ পৰাই ধূৰ্ত আৰু চালাক বুলি জনা যায় ৷

বিকাশ ডুবেক গ্ৰেপ্তাৰৰ পাচত এই তথ্য মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানলৈ পঠোৱা হৈছিল , যিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সতৰ্ক কৰি দিছিল ৷ সূত্ৰই জনোৱা মতে, আৰক্ষীয়ে অপৰাধী ডুবেক এক গোপন ঠাইলৈ লৈ যায় ৷ ডুবেৰ অন্য দুজন সহযোগী সদস্যকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ মধ্য প্ৰদেশ আৰক্ষীয়ে অপৰাধী ডুবেক মহাকাল থানালৈ লৈ যায় আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁক কাণপুৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰে ৷

উল্লেখ্য যে, বিগত সপ্তাহত 8 গৰাকী আৰক্ষীক হত্যা কৰাৰ পিছত বিকাশ ডুবেৰ 5 সহযোগীক উত্তৰ প্ৰদেশত গুলিয়াই হত্যা কৰা হয় ৷ ফৰিদাবাদৰ পৰা 773 কিলোমিটাৰ দূৰত্বত মঙলবাৰে অপৰাধী ডুবেক অন্তিমবাৰৰ বাবে দেখা পোৱা গৈছিল আৰু অৱশেষত উজ্জয়িনীত তেওঁক গ্ৰেপ্তাৰ কৰা হয় ৷

যোৱা 2 আৰু 3 জুলাইত এগৰাকী উপ আৰক্ষী অধীক্ষকসহ মুঠ 8 গৰাকী আৰক্ষী বিষয়াক হত্যা কৰা হয় ৷ ইয়াৰ লগতে গুলীবৰ্ষণত অন্য 7 গৰাকী আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত হয় ৷ এই ঘটনাৰ মূল অভিযুক্ত পলাতক বিকাশ ডুবেক গ্ৰেপ্তাৰৰ বাবে এক ডাঙৰ অভিযান আৰম্ভ কৰে আৰক্ষীয়ে ৷ খলনায়ক ডুবেৰ বিৰুদ্ধে অন্য 70 টা অপৰাধৰ ৰেকৰ্ড আছে বুলি জানিব পৰা হৈছে ৷

লগতে পঢ়ক : গালৱানৰ পৰা সেনা প্ৰত্যাহাৰ দুয়োখন দেশৰ উল্লেখনীয় পদক্ষেপ আখ্যা চীনৰ

ABOUT THE AUTHOR

...view details