নিউজ ডেস্ক,20 জুনঃ ভিন্ন সুৰৰ লহৰত মুখৰিত এই গাঁও ৷ কোনো শিশুৰ জন্মৰ পূৰ্বেই এক নতুন সুৰৰ সুহুৰি তৈয়াৰ কৰি ৰাখে মাতৃয়ে ৷ আনকি সুন্দৰ সুহুৰি বজাব পৰা যুৱকলৈ এই গাঁওখনৰ আটাইকতকৈ সুন্দৰ ৰমনী গৰাকীকো বিয়া দিয়া হয় ৷ নাই কোনো নাম অথবা কোনো শব্দৰ ব্যৱহাৰ ৷ পখাৰ কাকলি,নান প্ৰকৃতিক উৎসৰ পৰা ভাঁহি অহা শব্দৰ পৰাই সুৰ সংৰক্ষিত কৰি ৰাখে গাঁওখনৰ লোকে ৷
গাঁওখনৰ নাম কংথং ৷ মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা প্ৰায় 55 কিলোমিটাৰ নিলগত পাহাৰেৰে আবৃত্ত হৈ আছে এই গাঁওখন ৷ গাঁওখনৰ ৰাইজৰ যোগাযোগৰ একমাত্ৰ মাধ্যমৰূপে সুহুৰি যুগ যুগ ধৰি প্ৰচলিত হৈ আহিছে ৷ এই প্ৰথা কেতিয়াৰ পৰা আৰম্ভ হৈছে তাক লৈ গাঁওখনৰ লোকৰ মাজত প্ৰচলিত হৈ আহিছে ভিন্ন আখ্যান ৷ প্ৰবাদ অনুসৰি, গাঁৱৰ কাষৰ জংঘলত আছে কোনো অদৃশ্য শক্তি ৷ সেয়েহে কোনো লোককে তেওঁলোকৰ নামেৰে মতা নহয় ৷ তেওঁলোকৰ ভয় যদিহে কোনো লোকৰ নাম লৈ মতা যায় তেন্তে সেই অদৃশ্য শক্তিয়ে লোকজনক হানি কৰিব পাৰে ৷ যাৰ বাবে গাঁওখনৰ ৰাইজে এজনে আনজনক নাম ধৰি মতাৰ বিপৰীতে সুহুৰিৰে মাতে ৷
আন একাংশই কয়,এবাৰ কোনো এগৰাকী লোক ডকাইতৰ হাতত পৰিছিল তেতিয়া তেওঁ সহায়ৰ বাবে সুহুৰিৰে গাঁওবাসীক তেওঁৰ ৰক্ষা কৰিবলৈ মাতিছিল ৷ তেনেদৰে মাতোতে গাঁওবাসীয়ে আহি তেওঁক উদ্ধাৰো কৰে ৷ সেই দিনটোৰ পৰাই গাঁওখনত সুহুৰিৰে কোনো লোকক মতাৰ প্ৰচলন হৈ আহিছে ৷