নিউজ ডেস্ক, 10 জুলাই : সংকটপূৰ্ণ সময় হ'লেও স্থৱিৰ নহয় বংগৰ উন্নয়নৰ চকা ৷ এই মন্তব্য আগবঢ়াইছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ টুইটাৰযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যখনৰ মুখ্য সচিব ৰাজীৱ সিন্হা আৰু আন আন বিষয়া সকলে দেওচাৰ মহম্মদ বজাৰ ব্লকত এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰিছে ৷ তাতেই সমগ্ৰ কয়লা খনন প্ৰকল্প তথা এই সম্পৰ্কীয় সকলো তথ্যৰ বিষয়ে অংশীদাৰী আৰু ইযাৰ লগতে জড়িত সকলে বৰ্ণনা আগবঢ়াইছে ৷
স্থৱিৰ নহয় বংগৰ উন্নয়নৰ চকা : মমতা বেনাৰ্জী - কয়লা খনন
সংকটপূৰ্ণ সময় হ'লেও স্থৱিৰ নহয় বংগৰ উন্নয়নৰ চকা ৷ এই মন্তব্য আগবঢ়াইছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷
Wheels of development
তাৰোপৰি টুইটটোত মমতা বেনাৰ্জীয়ে উল্লেখ কৰে যে, দেওচা পচমী কয়লা ব্লকৰ দৰে আদৰ্শগত প্ৰকল্প তেওঁলোকে ভাৰতৰ বাবে প্ৰস্তুত কৰিব ৷ জনসাধাৰণৰ পূৰ্ণ সঁহাৰিৰ দ্বাৰা উৎকৃষ্ট খনন পদ্ধতিৰে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ই কাম কৰিব ৷ সংকটৰ মাজতো বংগত উন্নয়নৰ চকৰি ঘূৰিয়েই থাকিব বুলি টুইটৰ মোখনি মাৰে মমতা বেনাৰ্জীয়ে ৷
লগতে পঢ়ক :ধুবুৰীত ১৫ টা চোৰাং গৰু জব্দ