অসম

assam

ETV Bharat / bharat

হোৱাটচ এপৰ নতুন গোপনীয়তা নীতিক দিল্লী উচ্চ ন্যায়ালয়ত প্ৰত্য়াহ্বান - তৃত্বীয় পক্ষ

হোৱাটচ এপৰ নতুন গোপনীয়তা নীতি অনুসৰি তেওঁলোকে ব্যৱহাৰকাৰীৰ যিকোনো তথ্য তৃতীয় পক্ষক হস্তান্তৰ নকৰাৰ অধিকাৰক খৰ্ব কৰিছে ৷ হোৱাটচ এপে ব্যৱহাৰকাৰীৰ যিকোনো তথ্য ফেচবুকৰ সৈতে আদান প্ৰদান কৰে তেন্তে ফেচবুকে ছেকেণ্ডে ছেকেণ্ডে ব্যৱহাৰকাৰীৰ সকলো তথ্য লাভ কৰি থাকিব ৷

Whatsapp new policy
হোৱাটচ এপৰ নতুন গোপনীয়তা নীতিক দিল্লী উচ্চ ন্যায়ালয়ত প্ৰত্য়াহ্বান

By

Published : Jan 14, 2021, 9:22 PM IST

নিউজ ডেস্ক,14 জানুৱাৰী :হোৱাটচ এপৰ নতুন গোপনীয়তা নীতিক দিল্লী উচ্চ ন্যায়ালয়ত প্ৰত্য়াহ্বান জনোৱা হৈছে ৷ আবেদনত কোৱা হৈছে যে, হোৱাটচ এপৰ নতুন গোপনীয়তা নীতিৰ দ্বাৰা মানুহৰ গোপনীয়তাৰ অধিকাৰৰ উলংঘন হৈ আছে আৰু ইয়াৰ দ্বাৰা দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি আহিব পাৰে ৷

এই আবেদন দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰে অধিবক্তা চৈতন্য ৰোহিল্লাই ৷ আবেদনত কোৱা হৈছে যে, হোৱাটচ এপৰ নতুন গোপনীয়তা নীতি ইয়াৰ যিকোনো ব্যৱহাৰকাৰীৰ অনলাইন কাৰ্যক্ৰমণিকাৰ ওপৰত দৃষ্টি ৰাখিবলৈ প্ৰস্তুত কৰি তোলা হৈছে ৷ উক্ত আবেদনত হোৱাটচ এপৰ নতুন গোপনীয়তা নীতিক আপডেট কৰাৰ ক্ষেত্ৰত তৎকালীনভাৱে স্থগিত ৰাখিবলৈ দাবী জনোৱা হৈছে ৷

উল্লেখ্য যে, হোৱাটচ এপৰ নতুন গোপনীয়তা নীতি অনুসৰি তেওঁলোকে ব্যৱহাৰকাৰীৰ যিকোনো তথ্য তৃতীয় পক্ষক হস্তান্তৰ নকৰাৰ অধিকাৰক খৰ্ব কৰিছে ৷ যদিহে হোৱাটচ এপে ব্যৱহাৰকাৰীৰ যিকোনো তথ্য ফেচবুকৰ সৈতে আদান প্ৰদান কৰে তেন্তে ফেচবুকে ছেকেণ্ডে ছেকেণ্ডে ব্যৱহাৰকাৰীৰ সকলো তথ্য লাভ কৰি থাকিব ৷ এক প্ৰকাৰে হোৱাটচ এপ ব্যৱহাৰকাৰীসকল ফেচবুক আৰু ইয়াৰ কোম্পানীসমূহৰ নজৰত থাকিব ৷ যিটো নেকি সম্পূৰ্ণ বে-আইনী ৷

লগতে পঢ়ক: 29 জানুৱাৰীৰ পৰা আৰম্ভ হ’ল সংসদৰ বিত্তীয় অধিৱেশন

ABOUT THE AUTHOR

...view details