অসম

assam

ETV Bharat / bharat

কৰ’ণামুক্ত হোৱাৰ এসপ্তাহ পাছতে পুনৰ এইমছত ভৰ্তি গৃহমন্ত্ৰী অমিত শ্বাহ - ক’ভিড-19

শনিবাৰে পুনৰ দিল্লী এইমছত ভৰ্তি হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ শ্বাস-প্ৰশ্বাসজনিত কাৰণত ভৰ্তি কৰোৱা হয় শ্বাহক ৷ এইমছৰ নিৰ্দেশক ড৹ ৰণদ্বীপ গুলেৰিয়াৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে গৃহমন্ত্ৰী গৰাকী ৷

Amit Shah re-admitted to AIIMS
পুনৰ এইমছত ভৰ্তি গৃহমন্ত্ৰী অমিত শ্বাহ

By

Published : Sep 13, 2020, 10:42 AM IST

নিউজ ডেস্ক, 13 ছেপ্তেম্বৰ: হাস্পতালৰ পৰা অব্যাহতি লাভ কৰাৰ দুসপ্তাহ পাছতে পুনৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি শনিবাৰে দিল্লী এইমছত ভৰ্তি হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ বহুকেইটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সদৰি কৰিছে এই তথ্য ৷ অৱশ্যে বৰ্তমানো হাস্পতালৰ পৰা এই সন্দৰ্ভত লাভ কৰা নাই কোনো তথ্য

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পোৱা তথ্য অনুসৰি, অমিত শ্বাহক শনিবাৰে নিশা 11 বজাত হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ সম্প্ৰতি গৃহমন্ত্ৰী গৰাকীকক চি এন টাৱাৰত ৰখা হৈছে ৷ এইমছৰ নিৰ্দেশক ড৹ ৰণদ্বীপ গুলেৰিয়াৰ তত্বাৱধানত গৃহমন্ত্ৰী গৰাকী চিকিৎসাধীন হৈ আছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্যত উল্লেখ কৰা হৈছে ৷ তথ্য অনুসৰিগৃহমন্ত্ৰী গৰাকীৰ স্বাস্থ্য সুস্থিৰ অৱস্থালৈ ঘূৰি আহিছে ৷

উল্লেখ্য যে, 2 আগষ্টত গৃহমন্ত্ৰী গৰাকীৰ দেহত ক’ভিড-19ৰ অৱস্থিতি পোৱাৰ পাছতে তেওঁক ক্ৰমে গুৰুগ্ৰামৰ মেদান্ত হাস্পতাল আৰু দিল্লীৰ এইমছত চিকিৎসা কৰোৱা হৈছিল ৷

ইয়াৰ পাছতে 14 আগষ্টত কৰা শ্বাৱ পৰীক্ষাৰ ফলাফল স্বৰূপে হাস্পতাল কৰ্তৃপক্ষই তেওঁক কৰ’ণামুক্ত বুলি জানিবলৈ দিছিল যদিওঁ তেতিয়াই শ্বাস-প্ৰশ্বাসত পোৱা সমস্যাৰ কথা অৱগত কৰিছিল ৷

লগতে পঢ়ক:মধ্য় প্ৰদেশত পানীৰ পৰি সন্ধানহীন চাৰি কিশোৰ, এজনৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details