নিউজ ডেস্ক , 6 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি হোলী উৎসৱত অংশগ্ৰহণৰ পৰা বিৰত থকাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে সুলভ ফাউণ্ডেছনৰ শতাধিক বিধৱা মহিলাই ৷ উল্লেখযোগ্য যে , উত্তৰপ্ৰদেশৰ বৃন্দাবনস্থিত সুলভ ফাউণ্ডেছনে দেশৰ বিধৱা সকলৰ বাবে বিগত কেইবাবছৰৰ পৰা কাম কৰি আহিছে ৷ "হোলী উৎসৱ পালনৰ সময়ত বহু মানুহৰ সমাগম হয় ৷ এই সমাগমৰ পৰা মহিলাসকলৰ শৰীৰলৈ মাৰাত্মক কৰ’ণা ভাইৰাছৰ বীজাণু বিয়পিব পাৰে ৷ আমাৰ ফাউণ্ডেছনৰ প্ৰায়সকল মহিলাই বৃদ্ধ ৷ তেখেতসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আমি হোলী উৎসৱ উদযাপনৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷"- এই মন্তব্য কৰে সুলভ ফাউণ্ডেছনৰ মুখপাত্ৰই ৷
লক্ষ্যণীয় যে , ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে হোলী খেলৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে সুলভ ফাউণ্ডেছনে ৷ বিগত বছৰত , পৰলোকপ্ৰাপ্তিঘটা বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ পাৰিকৰৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি হোলী খেলৰ পৰা বিৰত আছিল ফাউণ্ডেছনটোৰ মহিলা সকল ৷