অসম

assam

ETV Bharat / bharat

জনা-নজনা: এই গাঁৱৰ পুৰুষসকলৰ সৈতে বিয়াত বহিব নিবিচাৰে যুৱতী - কুমাৰ সকলৰ গাঁও

এখন গাঁও ! যিখন গাঁৱৰ যুৱকসকলে বিয়াৰ প্ৰস্তাৱৰ বাবদ পায় কেৱল প্ৰত্যাখ্যান ৷ এগৰাকী দুগৰাকী যুৱকৰ ক্ষেত্ৰতেই নহয়, অধিকাংশ যুৱকেই আজিলৈ বিয়াৰ প্ৰস্তাৱত কেৱল প্ৰত্যাখ্যানেই পাইছে ৷ কিন্তু কিয় জানেনে ?

জনা-নজনা
জনা-নজনা

By

Published : Sep 21, 2020, 2:11 PM IST

নিউজ ডেস্ক, 21 চেপ্তেম্বৰ: ভুলতো এই গাঁৱত আহিব নিবিচাৰে কোনো লোক ৷ সকলোৱে ভয় কৰে ইয়ালৈ আহিব ৷ আনকি গাঁও খনৰ পুৰুষৰ সৈতে কোনো লোকে তেওঁলোকৰ জীয়ৰীক বিয়া দিবও নিবিচাৰে ৷ যেন কোনো অভিশাপে ছানি ৰাখিছে গাঁও খন ৷

মুকেশ জৈছৱাল ৷ এগৰাকী মধ্য বয়সীয়া যুৱক ৷ দেখাই শুনাই যথেষ্ট ভাল ৷ একেবাৰে অমায়িক যুৱক ৷ কেইটামান বছৰ পূৰ্বে বিয়া ঠিক হৈছিল তেওঁৰ ৷ ছোৱালীৰ ঘৰৰ লোকো সাজু হৈছিল বিয়াৰ বাবে ৷ কিন্তু তাৰ পাচত গাঁও খনৰ নাম শুনি মুকেশৰ বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে ছোৱালীৰ পৰিয়ালে ৷ তাৰ পাচত এই পৰ্যন্ত তেনেকৈয়ে থাকি গ'ল মুকেশ ৷

কেৱল মুকেশেই নহয় ৷ মুকেশৰ গাঁৱত তেওঁৰ বয়সৰ যিমান যুৱক আছে সকলোৰে একেই অৱস্থা ৷ সকলোৱে বিয়াৰ প্ৰস্তাৱৰ বাবদ পায় কেৱল প্ৰত্যাখ্যান ৷ সকলো লোকে সেই গাঁৱক "কুমাৰ" সকলৰ গাঁও বুলি কয় ৷

সেই গাঁৱতে থাকে পুৰুষোত্তম জৈছৱাল ৷ তেওঁৰ তিনিজন পুত্ৰ ৷ তিনিওগৰাকীৰে হৈছে বিয়াৰ বয়স ৷ কিন্তু সমস্যা একেটাই ৷ শেষত তেওঁৰ পুত্ৰ সকলৰ কোনো এগৰাকীও সেই গাঁৱত নাথাকো বুলি কোৱাতহে মান্তি হয় ছোৱালীৰ পৰিয়াল ৷ আজি প্ৰায় 10 বছৰ হ'ল পুৰুষোত্তমৰ তিনিও পুত্ৰই বাস কৰি আছে গাঁৱৰ বাহিৰত ৷ কেতিয়াবা ছমাহ, কেতিয়াবা ন মাহৰ মুৰকত নিজৰ পিতৃক লগ কৰিবলৈ আহে তেওঁলোক ৷ আনকি কোনো লোকৰ আত্ময়-স্বজনো আহিব নিবিচাৰে গাঁও খনত ৷ কিন্তু কিয় ?

উত্তৰ প্ৰদেশৰ এলাহবাদ ৷ এলাহবাদৰ পৰা দক্ষিণে প্ৰায় 35 কিলোমিটাৰ অতিক্ৰম কৰিলেই শ্ৰী তাৰা মাজৰা গাঁও ৷ সেইখনেই হৈছে সেই "কুমাৰ" সকলৰ গাঁও ৷ গাঁও খনত সকলো আছে ৷ কিন্তু তাত নাই বিদ্যুতৰ খুটা ৷ এতিয়াও বিদ্যুতৰ মুখ নেদেখা গাঁওখনত মানুহ থাকিবই বা কেনেকৈ ? আনকি পানীৰ ব্যৱস্থাও নাই গাঁও খনত ৷ গাঁওখনত পানী বুলিবলৈ আছে মাথো এটা দমকল ৷ 2002 চনৰ পূৰ্বে সেইটোও নাছিল তাত ৷ গাঁওখনত অৱশ্যে এটা কুঁৱা আছে কিন্তু কোনো সুস্থ লোকে খাব নোৱাৰিব সেই কুঁৱাৰ পানী ৷ গতিকে সহজেই অনুমেয় যে গাঁওখনত মানুহ থাকিবলৈ কিয় ইতঃস্তত বোধ কৰে ৷

লগতে পঢ়ক:জনা-নজনা: মানুহটো বাদেই এই গাঁৱৰ পোহনীয়া জীৱ-জন্তুও অন্ধ

ABOUT THE AUTHOR

...view details