নেশ্যনেল ডেস্ক,17 জানুৱাৰী : বিগত বৰ্ষত আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হোৱা উত্তৰ প্ৰদেশৰ প্ৰখ্যাত গেংগষ্টাৰ বিকাশ ডুবেৰ জীৱনৰ আধাৰত লিখা এখন কিতাপ আৰু নিৰ্মাণ হ’বলগীয়া এখন ছবিৰ বিৰোধিতা কৰিছে পত্নী ৰিচা ডুবেই ৷ কিতাপখনৰ লেখক আৰু ছবি নিৰ্মাতাক আইনীভাৱে জাননী প্ৰেৰণ কৰে বিকাশ ডুবেৰ পত্নীয়ে ৷
আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হোৱা গেংগষ্টাৰ বিকাশ ডুবে আৰু তেওঁৰ সহযোগীৰ হত্যাকাণ্ডৰ সৈতে জড়িত যিকোনো সামগ্ৰীৰ নিষিদ্ধকৰণ হোৱাতো বিচাৰিছে পত্নী ৰিচাই ৷ উল্লেখ্য যে, 2020 বৰ্ষৰ 10 জুলাইত মধ্যপ্ৰদেশৰ পৰা আটক কৰাৰ পাচত বিকাশ ডুবেক হত্যা কৰিছিল আৰক্ষীয়ে ৷
পত্নী ৰিচাই তেওঁৰ অধিবক্তাযোগে জাননী প্ৰেৰণ কৰি কয় যে, যদি তেওঁ সাত দিনৰ ভিতৰত সন্তোষজনক উত্তৰ নাপায়, তেন্তে তেওঁ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিব । এই বিষয়ত ৰিচাৰ অধিবক্তাইও কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ হস্তক্ষেপ বিচাৰিছে ৷