নিউজ ডেস্ক, ২৯ জুলাইঃআগন্তুক ৫ আগষ্টত অযোধ্যাত নিৰ্মাণ হ'বলগীয়া ৰাম মন্দিৰ আধাৰশিলা স্থাপনৰ টেলিভিছনযোগে পোনপটীয়া সম্প্ৰচাৰ কৰিবলৈ দাবী বিশ্ব হিন্দু পৰিষদৰ । লগতে হিন্দু ধৰ্মালম্বী লোকৰ এটা দশকৰ ইচ্ছা পুৰ হ'বলৈ গৈ আছে বুলি মত প্ৰকাশ কৰে বিশ্ব হিন্দু পৰিষদে । যাৰ বাবে দেশ-বিদেশৰ কোটি কোটি ভক্তপ্ৰাণ ৰাইজে এই ঐতিহাসিক সময়ৰ সাক্ষী হৈ ৰোৱাৰ বাবেই আধাৰশিলা স্থাপনৰ পোনপটীয়া সম্প্ৰচাৰ কৰিবলৈ দাবী জনাইছে বিশ্ব হিন্দু পৰিষদে ।
ৰাম মন্দিৰ আধাৰশিলা নিৰ্মাণৰ পোনপটীয়া সম্প্ৰচাৰৰ দাবী বিশ্ব হিন্দু পৰিষদৰ - vhp wants live telecast of bhoomi pujan program in ayodhya
ৰাম মন্দিৰ আধাৰশিলা স্থাপনৰ টেলিভিছনযোগে পোনপটীয়া সম্প্ৰচাৰ কৰিবলৈ দাবী বিশ্ব হিন্দু পৰিষদৰ । লগতে আগন্তুক ৫ আগষ্টত নিৰ্মাণ হ'বলগীয়া ৰাম মন্দিৰ আধাৰশিলা স্থাপনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থাকিব বুলিও সদৰি কৰে ।
ৰাম মন্দিৰ আধাৰশিলা নিৰ্মাণৰ পোনপটীয়া সম্প্ৰচাৰৰ দাবী বিশ্ব হিন্দু পৰিষদৰ
উল্লেখ্য যে, শ্ৰী ৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ আমন্ত্ৰণত আগন্তুক ৫ আগষ্টত ৰাম মন্দিৰ আধাৰশিলা স্থাপনৰ সময়ত উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।