অসম

assam

ETV Bharat / bharat

শীঘ্ৰে গুৱাহাটীত স্থাপন হ’ব ইজৰাইলৰ দূতাৱাস - ইজৰাইল চৰকাৰে ৰাজধানী গুৱাহাটীত এটি বাণিজ্যিক দূতাৱাস মুকলি কৰিব

বিগত দুবছৰৰ পৰা ইজৰাইলৰ শাসকীয় সূত্ৰৰ উচ্চপৰ্যায়ৰ বিষয়াসকলে পূৰ্বোত্তৰৰ ৰাজ্যসমূহৰ সৈতে সঘন আহ-যাহৰ লগতে যোগাযোগ অব্যাহত ৰাখিছিল ৷ তাৰে ফলস্বৰূপে শীঘ্ৰেই ইজৰাইল চৰকাৰে ৰাজধানী গুৱাহাটীত এটি বাণিজ্যিক দূতাৱাস মুকলি কৰিব ৷ মঙলবাৰে ৰাজধানী দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শেহতীয়াকৈ ইজৰাইলৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰাৰ কথা প্ৰকাশ কৰে ৷

গুৱাহাটী
গুৱাহাটীত স্থাপন হ’ব ইজৰাইলৰ দূতাৱাস

By

Published : Feb 5, 2020, 2:34 PM IST

নতুন দিল্লী,5 ফেব্ৰুৱাৰীঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দীৰ্ঘদিনীয়া আশা আছিল যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক জীৱন্ত সাক্ষীৰ দলিলৰূপে ইজৰাইলৰ সৈতে সম্বন্ধ গঢ়ি তোলক ৷ সেইসূত্ৰে বিগত দুবছৰৰ পৰা ইজৰাইলৰ শাসকীয় সূত্ৰৰ উচ্চপৰ্যায়ৰ বিষয়াসকলে পূৰ্বোত্তৰৰ ৰাজ্যসমূহৰ সৈতে সঘন আহ-যাহৰ লগতে যোগাযোগ অব্যাহত ৰাখিছিল ৷ তাৰে ফলস্বৰূপে শীঘ্ৰেই ইজৰাইল চৰকাৰে ৰাজধানী গুৱাহাটীত এটি বাণিজ্যিক দূতাৱাস মুকলি কৰিব ৷ মঙলবাৰে ৰাজধানী দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শেহতীয়াকৈ ইজৰাইলৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰাৰ কথা প্ৰকাশ কৰে ৷ লগতে অসমত শীঘ্ৰে ইজৰাইলৰ দূতাৱাস স্থাপন কৰিব বুলিও উল্লেখ কৰে ৷

ইজৰাইল কৃষি পদ্ধতি,জল ব্যৱস্থাপনা পদ্ধতি তথা পৰ্যটন ক্ষেত্ৰত বহু পৰিমাণে উন্নত দেশ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰামৰ্শ অনুসৰি সেয়ে মুখ্যমন্ত্ৰী সোণোৱালে ইজৰাইলৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰে ৷ গুৱাহাটীত পূৰ্বৰ পৰাই বাংলাদেশ আৰু ভূটানৰ দূতাৱাস স্থাপন কৰা হৈছে যাৰ জৰিয়তে আন্তৰাষ্ট্ৰীয় সম্পৰ্ক ৰক্ষাত অসমে অৰিহণা যোগাই আহিছে ৷ কিন্তু ইজৰাইলৰ বাবে এই প্ৰতিষ্ঠান স্থাপনে ৰাজনৈতিক ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷ আনহাতে,ইজৰাইলে নতুন দিল্লীত দূতাৱাসৰ উপৰিও মুম্বাই আৰু বেংগালুৰুত বাণিজ্যিক দূতাৱাস স্থাপনৰ কামো আৰম্ভ কৰিব ৷

এই দূতাৱাস স্থাপনৰ ফলত দুয়োখন দেশৰ মাজত আৰ্থিক,বৈজ্ঞানিক আৰু সাংস্কৃতিক সম্বন্ধক নতুন মাত্ৰা প্ৰদান কৰিব ৷ ইজৰাইল বিশ্বৰ শীৰ্ষতম দেশসমূহৰ ভিতৰত অন্যতম দেশ যি সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে পৰিচিত ৷ সম্প্ৰতি চৌদিশে চলি থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত বাকী ঠাইৰ তুলনাত অসমৰ স্থিতি সন্তোষজনক ৷ আইনখনে আফগানিস্তান,পাকিস্তান আৰু বাংলাদেশৰ বিভিন্ন ধৰ্মৰ লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব ৷ 2011 চনৰ লোকপিয়ল অনুসৰি অসমত 1,0600,000 মুছলমান সম্প্ৰদায়ৰ লোকে বসবাস কৰে যি মুঠ জনসংখ্যাৰ 34.22 শতাংশ ৷

গুৱাহাটীত বাণিজ্যিক দূতাৱাস স্থাপনৰ ফলত সমীপৱৰ্তী মণিপুৰ আৰু মিজোৰামত বাস কৰা মিজো,কুকি আৰু পিত্তী জনজাতিৰ মাজৰ প্ৰায় 10,000 লোকক নিৰীক্ষণ কৰিব পাৰিব যি ইজৰাইলৰ পৰা বৰ্তমান নিচিহ্ন হৈছে ৷ মৌখিক পৰম্পৰা অনুসৰি,এই বংশৰ পূৰ্বজসকল 2700 বছৰৰ পূৰ্বে সেই সময়ৰ ৰজাৰ দ্বাৰা নিৰ্বাসিত হৈছিল ৷ সেইসকল লোকে মধ্য এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ পৰা আহি শেষত মণিপুৰ আৰু মিজোৰামৰ ভিন্ন ক্ষেত্ৰত সিঁচৰিত হৈ আছে ৷ এই জনজাতিসমূহৰ 5000 সদস্য পূৰ্বতেই ইজৰাইললৈ প্ৰত্যাৱৰ্তন কৰিছিল ৷

উল্লেখ্যে যে,ভাৰত আৰু ইজৰাইলৰ সেনা বাহিনী কূটনৈতিক আৰু ৰণকৌশলৰ ক্ষেত্ৰত পাৰ্গত ৷ এইক্ষেত্ৰত ৰাছিয়াৰ পিচতে ইজৰাইলে স্থান দখল কৰি আছে ৷ কিন্তু অসমে ৰাজয়তনিক ক্ষেত্ৰত এই পদক্ষেপ কিছুসংখ্যক দেশৰ মাজতহে সীমিত ৰাখিব বিচাৰে ৷ তদুপৰি এছিয়া মহাদেশৰ প্ৰতিখন দেশে গুৱাহাটীত বাণিজ্যিক দূতাৱাস স্থাপন কৰাৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ এই সন্দৰ্ভত সকলো প্ৰকাৰৰ সহায়ৰ বাবে বৈদেশিক মন্ত্ৰণালয়ক ৰাজ্য চৰকাৰে জনোৱা অনুৰোধৰ প্ৰতি সহায়ৰ আশ্বাস প্ৰদান কৰিছে বৈদেশিক মন্ত্ৰণালয়ে ৷ আগন্তুক সময়ত গুৱাহাটীক দক্ষিণ-পূৱ এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে পৰিচিত কৰিবলৈ ৰাজ্য চৰকাৰে সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিব বুলি মুখ্যমন্ত্ৰী সোণোৱালে জানিবলৈ দিয়ে ৷

লগতে চাওকঃহঠাৎ 30 কোটিৰ অধিকাৰী এগৰাকী মহিলা

ABOUT THE AUTHOR

...view details