অসম

assam

By

Published : Feb 28, 2020, 1:02 PM IST

ETV Bharat / bharat

যুৱতী-মহিলাক নিৰ্যাতনৰ পৰা ৰক্ষা কৰিব এযোৰ কাণফুলিয়ে

উত্তৰৰ প্ৰদেশৰ এটা কাৰিকৰী প্ৰতিষ্ঠানৰ এজন প্ৰশিক্ষকে প্ৰস্তুত কৰি উলিয়াইছে এযোৰ বিশেষ কাণফুলি ৷ এই কাণফুলিয়ে যিকোনো পৰিস্থিতিত এগৰাকী মহিলা অথবা যুৱতীক ৰক্ষা কৰিব পাৰিব নিৰ্যাতৰ পৰা ৷ ব্লুটুথৰ জৰিয়তে ম'বাইল ফোনৰ লগত সংযোগ থকা এই কাণফুলিৰ জৰিয়তে এটা মাত্ৰ বুটাম টিপি ডায়েল কৰিব পাৰি 112 নম্বৰ ৷

এযোৰ বিশেষ কাণফুলিয়ে দিব নাৰীক সুৰক্ষা
এযোৰ বিশেষ কাণফুলিয়ে দিব নাৰীক সুৰক্ষা

নেশ্বনেল ডেক্স, 28 ফেব্ৰুৱাৰীঃ উত্তৰপ্ৰদেশৰ এগৰাকী কৰিকৰী প্ৰশিক্ষক শ্যাম চৌৰাচিয়াৰ প্ৰচেষ্টাত এতিয়া কাণফুলি কেৱল মহিলাৰ সৌন্দৰ্য বৰ্ধনৰ আহিলা অথবা অলংকাৰ হৈ থকা নাই ৷ শ্যাম চৌৰাচিয়াই প্ৰস্তুত কৰা কাণফুলিয়ে যিকোনো অনাকাংক্ষিত পৰিস্থিতিৰ পৰা ৰক্ষা কৰিব যুৱতী আৰু মহিলাক ৷

এযোৰ বিশেষ কাণফুলি

ম'বাইল ফোনৰ লগত ব্লুটুথৰ জৰিয়তে সংযোগ হৈ থকা এই বিশেষ কণফুলিৰ জৰিয়তে বিপদৰ উমান পালে 112 নম্বৰ ডায়েল কৰি যোগাযোগ কৰিব পাৰিব আৰক্ষীৰ সৈতে ৷ যিকোনো বিপদজনক পৰিস্থিতিত কাণফুলিপাতত থকা এটা বুটাম টিপিলেই স্বয়ংক্ৰিয়ভাৱে ম'বাইল ফোনৰ পৰা ডাইল হ'ব 112 নম্বৰ ৷ ইয়াৰ জৰিয়তে ওচৰত থকা আৰক্ষী নিয়ন্ত্ৰণ কক্ষই আপোনা আপুনি সেই মহিলা অথবা যুৱতীগৰাকীৰ LOCATION নিৰ্ণয় কৰিব পাৰিব ৷

এযোৰ বিশেষ কাণফুলিয়ে দিব নাৰীক সুৰক্ষা

ইমানেই নহয়, বেটাৰীৰে সংযোগ থকা এই কাণফুলিৰ জৰিয়তে প্ৰয়োজনত 1 কিল'মিটাৰ ব্যৱধান পৰ্যন্ত শুনিবলৈ পোৱকৈ ডাঙৰ শব্দও কৰিব পৰি ৷ যাৰ জৰিয়তে ওচৰে-পাজৰে থকা লোকসকলে শব্দটোক অনুসৰণ কৰি উক্ত স্থানত উপস্থিত হ'ব পাৰিব ৷

যুৱতী-মহিলাক নিৰ্যাতনৰ পৰা ৰক্ষা কৰিব এযোৰ কাণফুলিয়ে

উল্লেখ্য যে, ইয়াৰ পূৰ্ৱেও কৰিকৰী প্ৰশিক্ষক শ্যাম চৌৰাচিয়াই মহিলাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুলী ফুটাব পৰা লিপষ্টিক আৰু ইলেকট্ৰিক চক দিব পৰা মহিলাৰ হেণ্ডবেগ উদ্ভাৱন কৰিছিল ৷ ইতিমধ্যে শ্যাম চৌৰাচিৰয়াৰ এই উদ্ভাৱন সমূহৰ বাবে স্থানীয় শিক্ষাৰ্থী তথা চাকৰি কৰা মহিলা সকলে তেখেতক যথেষ্ট প্ৰশংসা কৰিছে ৷

ABOUT THE AUTHOR

...view details