নেশ্যনেল ডেস্ক, 4 জুনঃ উত্তৰাখণ্ডৰ আলমোৰাৰ তাৰীখেত উন্নয়ন খণ্ডৰ বিল্লেখ গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষকে ধনিয়া ৰোপন কৰি গীনিজ বুক অৱ ৱৰ্ল্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে ।
2.16 মিটাৰ দৈৰ্ঘ্যৰ ধনিয়াৰ পুলিৰে বিশ্ব অভিলেখ উত্তৰাখণ্ডৰ কৃষকৰ ! - গীনিজ বুক অৱ ৱৰ্ল্ড
ধনিয়া ৰোপন কৰি গীনিজ বুক অৱ ৱৰ্ল্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে, উত্তৰাখণ্ডৰ আলমোৰাৰ তাৰীখেত উন্নয়ন খণ্ডৰ বিল্লেখ গাঁৱৰ গোপাল দত্ত উপ্ৰেতী নামৰ এজন কৃষক ।
Uttarakhand man enters Guinness Book for 2.16 m long coriander plant
গোপাল দত্ত উপ্ৰেতী নামৰ লোকজনে তেওঁৰ বাগিছাত 2.16 মিটাৰ দৈৰ্ঘ্যৰ এডাল ধনিয়াৰ গছ বিকশিত কৰে যিয়ে বিশ্ব অভিলেখ গঢ়ে । সাংসদ অজয় ভট্টই টুইটযোগে উপ্ৰেতীৰ এই উদ্যোগৰ শলাগ লয় ।
উপ্ৰেতীয়ে কয় যে, জৈৱিক খেতিৰ ক্ষেত্ৰত ৰাজ্যখনত বহু সম্ভাৱনা আছে আৰু তেওঁৰ ধনিয়াৰ পুলিয়েই ইয়াৰ উদাহৰণ বহন কৰিছে । তেওঁ নিজৰ এই কৃত্তিত্বৰ ৰাজ্য তথা দেশৰ সকলো কৃষকৰ নামত উচৰ্গা কৰিছে ।