নিউজ ডেস্ক,৯আগষ্ট:দেওবাৰে উত্তৰ প্ৰদেশৰ বিধান সভাৰ অধ্যক্ষ হৃদয় নাৰায়ণ দিক্ষিতে জানিবলৈ দিয়া মতে, অহা ২০আগষ্টৰ পৰা ৰাজ্যখনৰ তিনিদিনীয়া কাৰ্যসূচীৰে বিধানসভাৰ অধিবেশন অনুস্থিত হ'ব । অৱশ্যে অধিবেশনৰ সময়চোৱাত ক'ৰণাৰ বাবে থকা সকলো নীতি নিৰ্দেশনা পালন কৰি প্ৰতিগৰাকী বিধায়কে বহিব লাগিব পৃথকে পৃথকে । সামাজিক দূৰত্ব বৰ্তাই আসন গ্ৰহণৰ ক্ষেত্ৰত থকা সীমিত আসন পূৰণ কৰিবলৈ বিধান সভা কক্ষৰ ভিতৰত দৰ্শকৰ গেলেৰীও ব্যৱহাৰ কৰা হ'ব ।
নিয়ম অনুসৰি প্ৰতি ছয় মাহৰ অন্তত এই বিধানসভা অধিবেশন অনুস্থিত কৰা উচিত । সেয়েহে ইয়াক সুনিশ্চিত কৰিবৰ বাবে কিছু দিন পূৰ্বে বিধান সভাৰ অধ্যক্ষ হৃদয় নাৰায়ণ দিক্ষিতে বিধানসভাৰ সকলো বিধায়কৰ পৰা গ্ৰহণ কৰিছিল মতামত ।
বিধানসভাৰ অধ্যক্ষগৰাকীয়ে ক'লে, "আমি এইটো সুনিশ্চিত কৰিব লাগিব যে,মহামাৰী ক'ৰণাৰ বাবে নিৰ্ধাৰণ কৰি দিয়া প্ৰট'কলসমূহ পালন কৰিহে অধিবেশন অনুস্থিত কৰিব লাগিব ।" অধিবেশনৰ সময়ত আসনৰ ক্ষেত্ৰত কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব সেই লৈ বৰ্ণনা কৰি দেওবাৰে অধ্যক্ষগৰাকীয়ে ক'লে, প্ৰতিগৰাকী বিধায়কে তেওঁলোকৰ মাজত একোখনকৈ আসনৰ অন্তৰ ৰাখি বহিব লাগিব । ইয়াৰে একাংশই দৰ্শকৰ বাবে থকা গেলেৰী আৰু লবিত বহিব লাগিব । তাৰোপৰি বিধানসভাৰ মজিয়াত প্ৰৱেশৰ পূৰ্বে প্ৰতিগৰাকী মন্ত্ৰী,বিধায়কৰ থাৰ্মেল স্ক্ৰিনিং কৰা হ'ব । লগতে প্ৰতিগৰাকী বিধায়কে পৰিধান কৰি আহিব লাগিব মাস্ক । পিন্ধি নহাজনক যোগান ধৰা হ'ব একোখনকৈ মাস্ক । বিধানসভা কক্ষত থকা বাতানুকুলৰ মেচিনসমূহো কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া পৰিমানৰ হিচাবতহে চলোৱা হ'ব ।