নিউজ ডেস্ক,27আগষ্টঃআমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিবগৰাকীয়ে আজি চীনে প্ৰণালীগতভাৱে নিয়ম ভংগ কৰা,সৰু সৰু ৰাষ্ট্ৰবোৰৰ ওপৰত অৰ্থনৈতিক আধিপত্য বিস্তাৰ আৰু মহামাৰীৰ সময়তো পুঁজি সংগ্ৰহৰ বাবে সুযোগ গ্ৰহণ কৰাৰ চেষ্টাত ব্যতিব্যস্ত থকাৰ বাবে তীব্ৰভাৱে সমালোচনা কৰে । হাৱাইৰ হোনলুলুৰ ডেনিয়েল কে ইনউব্যে এছিয়া পেচিফিক চেণ্টাৰ ফ'ৰ ছিকিউৰিটী ষ্টাডীজৰ ২৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে অনলাইনযোগে বক্তৃতা প্ৰদান কৰি প্ৰতিৰক্ষা সচিব ডঃ মাৰ্ক টি এস্পাৰে এনেদৰে সমালোচনাত সৰৱ হৈ পৰে । প্ৰতিৰক্ষা বিভাগৰ অধীনস্থ ডেনিয়েল কে ইনউব্যে এছিয়া পেচিফিক চেণ্টাৰ ফ'ৰ ছিকিউৰিটী ষ্টাডীজ বা চমুকৈ ডি কে আই এ পি চি এছ এছ ১৯৯৫ চনত স্থাপন কৰা হৈছিল । এই প্ৰতিষ্ঠান স্থাপনৰ মূল উদ্দেশ্য আছিল ইণ্ডো-পেচিফিক অঞ্চলৰ শতাধিক সেনা আৰু নিৰাপত্তা বাহিনীৰ লোকৰ মাজত মতৰ আদান-প্ৰদানৰ লগতে গোলকীয় বিষয়সমূহ আলোচনা কৰা ।
এক মুকলি ইণ্ডো-পেচিফিক অঞ্চল সন্দৰ্ভত ভাষণ প্ৰদান কৰি এস্পাৰে কয়—“আমাৰ মিত্ৰজোঁট হিচাপে থকা শক্তি চীনৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ সুবিধা বুলি গ্ৰহণ কৰিব পাৰি । চীনে প্ৰায়ে আনৰ সুৰক্ষাৰ লগত আপোচ কৰি স্বাৰ্থ সিদ্ধি কৰিবলৈ নীতি-নিয়ম ভংগ কৰি আহিছে ।”
২০১৮ চনৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা নিৰ্দেশাৱলী অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ৫০ শতাংশ পাঠ চীনৰ ওপৰত ৰাখিবলৈ নিৰ্দেশ দিছে । এস্পাৰে কয় যে, চীনক শত্ৰু হিচাপে বিদ্যালয়ৰ শিক্ষা, পাঠ্যক্ৰম আৰু প্ৰশিক্ষণত প্ৰতিষ্ঠা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।
চীনা কমিউনিষ্ট দলৰ নেতৃত্বত বেইজিঙে ইয়াৰ প্ৰতিশ্ৰুতিসমূহ পালনত ব্যৰ্থ হৈ আহিছে । আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা আৰু মুক্ত বজাৰ অৰ্থনীতিৰ পৰা লাভ আদায় কৰি থকা স্বত্বেও চীনে আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়ম আদি ভংগ কৰি আহিছে । দ্বিতীয়তে হংকঙৰ স্বাধীনতা ৰক্ষা, দক্ষিণ চীন সাগৰত সামৰিক কুচকাৱাজ নচলোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ চীনে ধূলিস্যাৎ কৰি আহিছে বুলি এস্পাৰে মতপোষণ কৰে। তেওঁ কয়—“বেইজিঙৰ এনেধৰণৰ স্বৈৰতান্ত্ৰিক আচৰণ কেৱল ইণ্ডো-ৰেচিফিক আচলতে সীমাবদ্ধ নহয় । বৰঞ্চ বিশ্বৰ বিভিন্ন প্ৰান্তৰ আমাৰ সমভাৱাপন্ন বন্ধু দেশসমূহে চীনৰ নিয়ম ভংগ, ঋণ প্ৰদানৰ নামত অৰ্থনৈতিক আধিপত্য আদিৰ সন্মুখীন হৈ আহিছে ।”
চীনৰ সেনা বাহিনী পিপ’লছ্ লিবাৰেশ্যন আৰ্মীয়ে এখন দেশ বা দেশখনৰ সংবিধান অনুসৰি কাম কৰাৰ সলনি এটা ৰাজনৈতিক দলৰ হকেহে সেৱা আগবঢ়াই থকা বুলি ট্ৰাম্প চৰকাৰৰ শীৰ্ষ মন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে । তেওঁ এই সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়—চীনৰ এনেধৰণৰ নেতিবাচক তথা অস্থিৰ কামকাজ ৰাজনৈতিক আৰু অৰ্থনৈতিক সীমাৰেখাও অতিক্ৰম কৰি আহিছে । চীনৰ আগ্ৰাসী মনোবৃত্তিক শক্তিশালী কৰাৰ উদ্দেশ্যে পি এল এয়ে এই শতিকাৰ মাজভাগত বিশ্বৰ ভিতৰতে আগশাৰীৰ সামৰিক শক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ উদ্দেশ্যে আধুনিকীকৰণৰ প্ৰচেষ্টা হাতত লৈছে । ইয়াৰ ফলত নিঃসন্দেহে দক্ষিণ চীন সাগৰ বা চীন দেশে পৃথিৱীৰ যিকোনো অঞ্চলতে নিজ স্বাৰ্থ সুৰক্ষা কৰিব বিচাৰে তাতেই পি এল এয়ে আগ্ৰাসী ৰূপ ধাৰণ কৰিব ।
মাৰ্কিন প্ৰতিৰক্ষা সচিবগৰাকীয়ে লগতে উল্লেখ কৰে যে, ইণ্ড-পেচিফিক অঞ্চলত মুঠ জি ডি পিৰ ৬০ শতাংশ থকাৰ বিপৰীতে ছখন পাৰমাণৱিক শক্তিসম্পন্ন দেশ আৰু বিশ্বৰ দহটা সৰ্ববৃহৎ সামৰিক বাহিনী আছে । চীনৰ সৈতে হোৱা শক্তি যুদ্ধত ইণ্ডো-পেচিফিকেই অভিকেন্দ্ৰ বুলি তেওঁ আখ্যা দিয়ে । তেওঁ আমেৰিকা আৰু আন আন মিত্ৰ দেশসমূহৰ মাজত প্ৰয়োজন হোৱা সমন্বয়ৰ কথা দোহাৰে ।