অসম

assam

ETV Bharat / bharat

তবলিগী জামাতত অংশ লোৱা ব্যক্তিৰ সন্ধান দিওঁতালৈ উত্তৰ প্ৰদেশ আৰক্ষীৰ পুৰস্কাৰ ঘোষণা - উত্তৰ প্ৰদেশ আৰক্ষীৰ পুৰস্কাৰ ঘোষণা

এইবাৰ তবলিগি জামাতত অংশগ্ৰহণ কৰা লোকসকলক বিচাৰি দিওঁতালৈ বিশেষ পুৰস্কাৰ ঘোষণা কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷ যিয়ে তবলিগি জামাতত অংশগ্ৰহণ কৰা লোকৰ সন্ধান দিব তেওঁক নগদ 5000 টকাৰ পুৰস্কাৰ প্ৰদান কৰিব উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷

উত্তৰ প্ৰদেশ আৰক্ষীৰ পুৰস্কাৰ ঘোষণা
উত্তৰ প্ৰদেশ আৰক্ষীৰ পুৰস্কাৰ ঘোষণা

By

Published : Apr 12, 2020, 12:15 PM IST

Updated : Apr 13, 2020, 10:32 AM IST

নিউজ ডেস্ক, 12 এপ্ৰিলঃতবলিগি জামাতত অংশগ্ৰহণকাৰী লোকসকলক বিচাৰি দিয়াত যিসকলে সহায় কৰিব তেওঁলোকলৈ বুলি পুৰস্কাৰ ঘোষণা কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷ শনিবাৰে এই কথা ঘোষণা কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷ যিসকল তবলিগিয়ে এতিয়ালৈকে আৰক্ষীৰ ওচৰত আহি নিজৰ বিষয়ে তথ্য প্ৰদান কৰা নাই, সেইসকল লোকৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰিছে এই ব্যৱস্থা ৷

কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে আৰোপ কৰা সামাজিক দূৰত্বৰ নিয়ম অমান্য কৰি বিগত মাহত বহুসংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকে নতুন দিল্লীৰ নিজামুদ্দিনত অনুষ্ঠিত তবলিগী জামাত ইজতেমাত অংশগ্ৰহণ কৰিছিল ৷ এই অনুষ্ঠানটোৱে পৰৱৰ্তী সময়ত ভাৰতত কৰ’ণা ভাইৰাছৰ মূল উৎসলৈ ৰূপান্তৰিত হোৱাৰ লগতে বহুকেইখন ৰাজ্যত কৰ’ণা ভাইৰাছ বিয়পি পৰাত সহায় কৰে ৷ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়কেইখন ৰাজ্য, দিল্লী, উত্তৰ-প্ৰদেশ, মধ্যপ্ৰদেশ, কেৰালা, তামিলনাডু, জম্ম-কাশ্মীৰ, গুজৰাট, মহাৰাষ্ট্ৰ, পশ্চিমবংগ আদি ৰাজ্যসমূহৰ পৰা আহি তবলিগী জামাতত অংশগ্ৰহণ কৰা এইসকল লোকে নিজৰ দেহত এই মাৰাত্মক ভাইৰাছৰ কঢ়িয়াই লৈ পলাই ফুৰে ৷ এইসকল লোকক স্থানীয় ৰাজ্যিক প্ৰশাসনে শীঘ্ৰেই স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায় যদিও এই আহ্বান অমান্য কৰি এতিয়ালৈকে পলাই ফুৰিছে বহুসংখ্যক লোক ৷

যাৰফলত এতিয়া ৰাজ্য চৰকাৰসমূহে তেওঁলোকক বিচাৰি উলিয়াবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিবলগীয়া হৈছে ৷ শেহতীয়াকৈ উত্তৰ প্ৰদেশ আৰক্ষীয়ে এইক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ ইতিমধ্যে ৰাজ্যখনৰ প্ৰায় 33গৰাকী জামাত সদস্যক কোৱাৰেন্টাইনত ৰখা হৈছে ৷ আনহাতে উত্তৰ প্ৰদেশ আৰক্ষীৰ এগৰাকী বিষয়া, আৰক্ষী অধীক্ষক ত্ৰিবেণী সিঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, ৰাজ্যখনত এতিয়াও বহুসংখ্যক লোক আছে যিয়ে তবলিগি জামাতত অংশগ্ৰহণ কৰিছিল আৰু এতিয়াও পলাই ফুৰিছে ৷ কিন্তু তেওঁলোকৰ বিষয়ে তথ্য লাভ কৰাত অসফল হৈছে আৰক্ষী ৷ সেয়েহে আৰক্ষীয়ে ইতিমধ্যে এইসকল লোকক বিচাৰি অভিযান আৰম্ভ কৰিছে ৷ যিসকল লোকে তবলিগী জামাতত অংশগ্ৰহণ কৰিছে আৰু এতিয়াও পলাই ফুৰিছে, তেওঁলোকৰ বিষয়ে আনৰ পৰা তথ্য লাভ কৰিলে কাঢ়া ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু সন্ধান দিওঁতাজনৰ পৰিচয় গোপনে ৰখাৰ লগতে তেওঁক 5,000 টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হ’ব ৷

Last Updated : Apr 13, 2020, 10:32 AM IST

ABOUT THE AUTHOR

...view details