নিউজ ডেস্ক, 25 মাৰ্চ : প্ৰিয়ংকা গান্ধীৰ অযোধ্যা ভ্ৰমনৰ অভিপ্ৰায়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী মহচিন ৰাজায়ে প্ৰিয়ংকাক ‘পৰিভ্ৰমী চাইবেৰিয়ান চৰাই’ বুলি আখ্যা দিয়ে ৷ তেওঁ লগতে প্ৰিয়ংকা গান্ধীৰ লোক সভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানক ‘বনভেজ’ বুলিও কয় ৷
প্ৰিয়ংকা ‘চাইবেৰিয়ান চৰাই’ , অযোধ্যা ভ্ৰমন ‘বনভেজ’ : ইউ পি কেবিনেট মন্ত্ৰী মহচিন ৰাজা - মহচিন ৰাজা
প্ৰিয়ংকা গান্ধীৰ অযোধ্যা ভ্ৰমণৰ ওপৰত প্ৰশ্ন উত্থাপন উত্তৰ প্ৰদেশৰ মন্ত্ৰী মহচিন ৰাজাৰ
প্ৰিয়ংকা ‘চাইবেৰিয়ান চৰাই’ , অযোধ্যা ভ্ৰমন ‘বনভেজ’ : ইউ পি কেবিনেট মন্ত্ৰী মহচিন ৰাজা
তেওঁ কয় যে ‘যি সকল লোকে ভগৱান ৰামৰ অৱস্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰে, প্ৰয়াগৰাজত হোৱা কুম্ভ মেলাত উপস্থিত নাথাকিলে , তেওঁলোকে অযোধ্যালৈ গৈ মোগল শাসক বাবৰক স্মৰণ কৰিছে ৷ গতিকে প্ৰিয়ংকা এগৰাকী ‘চাইবেৰিয়ান চৰাই’ যিয়ে অনুকুল বতৰ সাপেক্ষে এঠাইৰ পৰা আনএঠাইলৈ প্ৰব্ৰজন কৰে ৷’
প্ৰিয়ংকা গান্ধীয়ে 27 মাৰ্চৰ পৰা তেওঁৰ লোক সভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান অযোধ্যাৰ প্ৰখ্যাত হনুমান গৰ্হী মন্দিৰৰ পৰা আৰম্ভ কৰিব৷