নিউজ ডেস্ক, ৩ জুলাই :উত্তৰ প্ৰদেশৰ নবাব গঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত পেটেল নগৰৰত চাঞ্চল্যকৰ ঘটনা ৷ এটা বাসগৃহত একেটা চাৰিজন সদস্যৰ মৃতদেহৰ লগতে এগৰাকী স্থানীয় মহিলা গুৰুতৰভাবে আহত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে ৷
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, বৰ্তমানলৈ এই ভয়ংকৰ হত্যাৰ কোনো ধৰণৰ তথ্য আৰক্ষীৰ হাতত নাই । কিন্তু তেওঁলোকে জনোৱা অনুসৰি, হত্যাকাৰীয়ে পৰিয়ালটিৰ দুগৰাকী কন্যা আৰু ১ জন পুত্ৰৰ সৈতে মিলি ব্যক্তি কেইগৰাকীক হত্যা কৰিছিল । যাৰ পৰিপ্ৰেক্ষিতত পৰিয়ালটিৰ পত্নী গুৰুতৰভাবে আহত হয় আৰু ততালিকে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।