মহাত্মা গান্ধী আৰু ড৹ ভীমৰাও আম্বেদকাৰৰ সম্পৰ্কৰ বিষয়ে পূৰ্বৰে পৰা বহুতো ভুল ধাৰণা চলি আহিছে ৷ সামাজিক আন্তঃগাঠনি, অৰ্থনৈতিক ধাৰণা আদি কিছু ক্ষেত্ৰত দুয়োগৰাকীৰে মতাদৰ্শৰ ভিন্নতা আছিল যদিও দুয়োগৰাকীৰে বহু সময়ত ধাৰণাৰ মিল দেখা গৈছিল যি সমূহ সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষই সম্মুখীন হৈ থকা সমস্যাসমূহৰ মুখামুখি হোৱাৰ বাবে যথেষ্ট সহায়ক হ’ব ৷ উদাহৰণস্বৰূপে, গান্ধীজী আৰু আম্বেদকাৰ দুয়োগৰাকীয়ে নিজৰ ধাৰণাত উদাৰ আছিল ৷ গান্ধীজী হিন্দুত্ববাদত বিশ্বাসী আছিল ৷ তেখেতৰ আত্মজীৱনীৰ প্ৰথম বাক্যশাৰীয়ে এইবুলি আৰম্ভ হৈছিল যে, "জাতি হিচাপে মই নিম্নবৰ্ণ" আৰু ড৹ আম্বেদকাৰে সমাজৰ পৰা বৰ্ণপ্ৰথা নাইকিয়া কৰিব বিছাৰিছিল ৷ যদি কোনো ব্যক্তিয়ে জাতিভেদ প্ৰথা সম্পৰ্কত তেঁওলোকৰ ধাৰণাসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰে তেতিয়া উপলব্ধি কৰিব যে, এই ক্ষেত্ৰত ড৹ আম্বেদকাৰৰ ধাৰণাসমূহ অধিক বিজ্ঞানসন্মত আছিল ৷ কাৰণ ড৹ আম্বেদকাৰ নিজেই নিম্নবৰ্ণত জন্মগ্ৰহণ কৰিছিল ৷ তেখেতে নিজৰ সম্পূৰ্ণ জীৱন জাতিভেদ প্ৰথা নাইকিয়া কৰাৰ বাবে উচৰ্গা কৰিছিল ৷ আনহাতে গান্ধীজীয়ে জাতিভেদ প্ৰথাক দয়াশীল দৃষ্টিভংগীৰে চাইছিল ৷ তেখেতে কৈছিল যে বিহাৰৰ ভূমিকম্প জাতিভেদ প্ৰথাই সৃষ্টি কৰা পাপৰ ফলতে সংঘটিত হৈছিল ৷ কিন্তু জাতিভেদ প্ৰথা সন্দৰ্ভত ড৹ আম্বেদকাৰৰ ভাষণসমূহ শুনাৰ পিছতেই গান্ধীজীয়ে নিজৰ সৃষ্টিভংগী সলনি কৰিছিল ৷
জাতিভেদ প্ৰথাঃ গান্ধীজী আৰু ড৹ আম্বেদকাৰৰ সম্পৰ্ক
প্ৰাৰম্ভিক অৱস্থাত গান্ধীজীয়ে ব্যক্ত কৰিছিল যে, জাতি বহিৰ্ভূত বিবাহে এই জ্বলন্ত সমস্যাটোৰ সমাধান কৰিব পাৰে বুলি মই নাভাবো ৷ কিন্তু 1936 চনৰ পিছত গান্ধীজীয়ে ঘোষণা কৰিছিল যে জাতি বহিৰ্ভূত বিবাহসমূহৰ বাবে মই আন বিবাহ অনুষ্ঠানত অংশগ্ৰহণ নকৰো ৷ ড৹ আম্বেদকাৰ বুদ্ধৰ ধাৰণাসমূহত বিশ্বাসী আছিল ৷ আনহতে গান্ধীজীয়ে বৌদ্ধ ধৰ্ম সন্দৰ্ভত বিজ্ঞানসন্মত অধ্যয়ন কৰা নাছিল ৷ কিন্তু তেঁওলোক দুয়ো সমাজত চলি থকা শোষণৰ বিৰোধিতা কৰিছিল, সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলৰ বাবে মাত মাতি আহিছিল, আৰু লগতে সমাজত চলি থকা ভেদভাৱৰ বিৰোধিতা কৰিছিল ৷
প্ৰাৰম্ভিক অৱস্থাত গান্ধীজীয়ে ব্যক্ত কৰিছিল যে, জাতি বহিৰ্ভূত বিবাহে এই জ্বলন্ত সমস্যাটোৰ সমাধান কৰিব পাৰে বুলি মই নাভাবো ৷ কিন্তু 1936 চনৰ পিছত গান্ধীজীয়ে ঘোষণা কৰিছিল যে জাতি বহিৰ্ভূত বিবাহসমূহৰ বাবে মই আন বিবাহ অনুষ্ঠানত অংশগ্ৰহণ নকৰো ৷ ড৹ আম্বেদকাৰ বুদ্ধৰ ধাৰণাসমূহত বিশ্বাসী আছিল ৷ আনহতে গান্ধীজীয়ে বৌদ্ধ ধৰ্ম সন্দৰ্ভত বিজ্ঞানসন্মত অধ্যয়ন কৰা নাছিল ৷ কিন্তু তেঁওলোক দুয়ো সমাজত চলি থকা শোষণৰ বিৰোধিতা কৰিছিল, সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলৰ বাবে মাত মাতি আহিছিল, আৰু লগতে সমাজত চলি থকা ভেদভাৱৰ বিৰোধিতা কৰিছিল ৷ তেঁওলোক উভয়ে মুক্ত চিন্তা আৰু ভাৱপ্ৰকাশৰ বাবে সময়ে সময়ে যুক্তি তৰ্ক কৰি আহিছিল ৷ গান্ধীজীয়ে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ বাস্তৱায়নৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা আগবঢ়াইছিল ৷ প্ৰস্তাৱনাত উদ্ধৃত ঐক্য,সমতা আৰু ভাতৃত্ববোধ, আৰু ন্যায় কেৱল স্বাধীনতা সংগ্ৰামত গান্ধীজীৰ অৱদানৰ বাবেহে সম্ভৱপৰ হৈ উঠিছিল ৷ আনহাতে সংবিধানৰ খচৰা প্ৰস্তুতৰ ক্ষেত্ৰত ড৹ আম্বেদকাৰে অদ্বিতীয় ভূমিকা পালন কৰিছিল ৷ যদিও তেখেত কংগ্ৰেছ দলৰ অংশ নাছিল ৷ প্ৰকৃতাৰ্থত শেষ সময়লৈকে তেখেত কংগ্ৰেছ দলৰ বিৰোধী আছিল ৷
1932 চনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলত নিম্নবৰ্ণৰ লোকসকলৰ বাবে বিশেষ নিৰ্বাচনমণ্ডলী প্ৰদান কৰিছিল ৷ 1916 চনত যেতিয়া লোকমান্য তিলকৰ সময়ত কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিল যাৰ ফলস্বৰূপে মুছলিম সকলক 1916 চনত পৃথক নিৰ্বাচনমণ্ডলী প্ৰদান কৰা হৈছিল লগতে শিখসকলকো পৃথক নিৰ্বাচনমণ্ডলী প্ৰদান কৰা হৈছিল ৷ এই সিদ্ধান্তত ড৹ আম্বেদকাৰে প্ৰদান কৰিছিল যে, ‘যদি মুছলিম আৰু শিখসকলক পৃথক নিৰ্বাচনমণ্ডলী প্ৰদান কৰা হৈছে সেইক্ষেত্ৰত অনুসূচীত জাতিৰ লোকসকলক বঞ্চিত কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে’ ৷ সেইসময়ত দলিত শব্দটো ব্যৱহাৰ কৰা হোৱা নাছিল ৷ গান্ধীজীয়ে এই প্ৰশ্নৰ উত্তৰত কৈছিল যে, সেইসকল লোকক যুটীয়া নিৰ্বাচনমণ্ডলী প্ৰদান কৰাৰ লগতে সংৰক্ষিত আসন প্ৰদান কৰা হ’ব ৷ গান্ধীজীৰ এই কথাৰ বিৰোধিতা কৰি আম্বেদকাৰে প্ৰশ্ন কৰিছিল যে, যদি আপুনি দলিত শ্ৰেণীটোক সমাজৰ অংশ হিচাপে গণ্য কৰে সেই ক্ষেত্ৰত যিসমূহ অধিকাৰ হিন্দু সমাজক প্ৰদান কৰা হৈ আছে সেইসমূহ অধিকাৰেই দলিতসকলকো প্ৰদান কৰিব লাগে ৷ যদি প্ৰদান কৰা নহয় তেতিয়া তেঁওলোকক পৃথক নিৰ্বাচনমণ্ডলী প্ৰদান কৰা উচিত ৷ 1920 চনৰ 20 ছেপ্টেম্বৰত গান্ধীজীয়ে তেখেতৰ অনশন ঘোষণা কৰিছিল ৷ কিন্তু যুটীয়া নিৰ্বাচনমণ্ডলী আৰু সংৰক্ষিত আসন প্ৰদানে এই সমস্যাটো সম্পূৰ্ণৰূপে নাইকিয়া কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ আহিছে ৷ বৰ্তমানসময়ত যিসকল লোক ঐক্য,সমতা আৰু ভাতৃত্ববোধ, আৰু ন্যায়ত বিশ্বাসী সেইসকল লোকৰ বাবে গান্ধীজী আৰু আম্বেদকাৰৰ ধাৰণাসমূহক পৃথকে সমালোচনা নকৰি ঐক্যৱদ্ধভাৱে দুয়োৰো আদৰ্শক গ্ৰহণ কৰা উচিত ৷