অসম

assam

ETV Bharat / bharat

জনা-নজনা: 180 বছৰে সংৰক্ষিত হৈ আছে এজন অপৰাধীৰ মূৰ - আজৱ

4 বছৰত 70 গৰাকী লোকক হত্যা কৰি মৃতদেহটো টুকুৰা-টুকুৰ নদীত উটুৱাই দিছিল হত্যাকাৰীয়ে ৷ বৰ্তমানেও সংৰক্ষিত কৰি ৰখা হৈছে সেই হত্যাকাৰীজনৰ কটা মূৰ ৷ কোন সেই হত্যাকাৰী ? ক'ত আছে হত্যাকাৰীজনৰ মূৰটো ? জানেনে ?

জনা-নজনা
জনা-নজনা

By

Published : Oct 7, 2020, 8:12 PM IST

নিউজ ডেস্ক, 7 অক্টোবৰ:এজন চিৰিয়েল কিলাৰ ! নাম ডিয়'গো আলভেজ ৷ ডিয়'গোৰ জীৱনৰ থ্ৰিলাৰে বোলছবিকো হাৰ মনাব ৷ 1810 চনত স্পেইনত জন্ম হোৱা ডিয়'গো 19 বছৰ বয়সতে মাটি-ভেটি এৰি পৰ্তুগাললৈ আহে ৷ কাম বিচাৰি আহিছিল তেওঁ ৷ কিন্তু বহু বছৰৰ চেষ্টাৰ পাচতো তেওঁ বিচাৰি নাপালে কোনো ভাল কাম ৷ যাৰ বাবে হতাশাত ভোগে ডিয়'গো ৷ সেই বাবেই তেওঁ সেই সময়ত মাদক দ্ৰব্য সেৱন কৰিবলৈ আৰম্ভ কৰে ৷ তাৰ পাচতেই তেওঁৰ মস্তিষ্কত ঘটে ৰাসায়নিক বিক্ৰিয়া ৷ জন্ম হয় এজন কুখ্যাত চিৰিয়েল কিলাৰ ডিয়'গো আলভেজ ৷

যদিও চুৰি,ডকাইতিৰে তেওঁ অপৰাধ জীৱনৰ আৰম্ভণি ঘটে ৷ তাৰ পাচতে আৰম্ভ হয় আন এক অধ্যায়ৰ ৷ আৰম্ভ হয় হত্যা ৷ হত্যাৰ পাচত হত্যা ৷ প্ৰাপ্ত তথ্য অনুসৰি, 1836-1840 চনলৈ 4 বছৰত তেওঁ হত্যা কৰিছিল 70 গৰাকী লোকক হত্যা কৰি মৃতদেহটো টুকুৰা-টুকুৰ কৰি তেওঁ নদীত উটুৱাই দিছিল ৷ প্ৰথমাৱস্থাত আৰক্ষীয়ে ভাৱিছিল যে,সেইয়া এজন লোকৰ কাম নহয় ৷ লাহে লাহে তদন্তৰ পাচত পোহৰলৈ আহে সকলো ৷ তথাপিও কিন্তু ডিয়'গোক ধৰাত ব্যৰ্থ হৈছিল আৰক্ষী ৷

এগৰাকী চিকিৎসকৰ পৰিবাৰৰ হত্যা কৰি ধৰা পৰে ডিয়'গো ৷ তাৰ পাচত তেওঁক মৃত্যুদণ্ড দিয়া হয় ৷ 1841 চনৰ 19 ফেব্ৰুৱাৰীত ফাঁচী দিয়া হৈছিল ডিয়'গোক ৷

কিন্তু তাৰ পাচতো তেওঁক লৈ কৌতুহল কমা নাছিল ৷ ইমান দিনে বহু মানুহক ঠাণ্ডা মস্তিষ্কৰে হত্যা কৰাজনৰ বা মস্তিষ্কৰ গঠন কেনে ধৰণৰ হয় ? পৰ্তুগালৰ চিকিৎসা বিভাগৰ শিক্ষাৰ্থী সকলৰ গৱেষণাৰ বিষয়বস্তু হৈ পৰে পৃথিৱীৰ অন্যতম কুখ্যাত অপৰাধীৰ মস্তিষ্কৰ গঠন ৷ এই কৌতুহলৰ বাবেই মৃত্যুদণ্ডৰ পাচত ডিয়'গোৰ মূৰটো কাটি সংৰক্ষণ কৰা হয় ৷ ডিয়'গোৰ জটিল মস্তিষ্ক ৰহস্যৰ সামাধান ওলাল নে ?

নাই হোৱা ৷ 180 বছৰ পাচতো সেইয়া সম্ভৱ হৈ নুঠিল ৷ মস্তিষ্কটো আজিও সংৰক্ষিত হৈ আছে লিছবন বিশ্ববিদ্যালয়ৰ নিৰ্দিষ্ট কক্ষত,ইতিহাসৰ সাক্ষী হৈ ৷

লগতে পঢ়ক:জনা-নজনা: এই মন্দিৰত কুকুৰক পূজা কৰা হয়

ABOUT THE AUTHOR

...view details