অসম

assam

ETV Bharat / bharat

নিৰ্ভয়া কাণ্ডৰ দোষীক ফাঁচী দিয়াত পলমৰ বাবে দিল্লী চৰকাৰক দোষাৰোপ জাভড়েকাৰৰ - ৰাজ্যসভাত নিভয়া কাণ্ড সন্দৰ্ভত জাভড়েকাৰৰ

ৰাজ্যসভাত নিৰ্ভয়া কাণ্ডৰ দোষীক ফাঁচি দিয়াত পলম হোৱাৰ সন্দৰ্ভত দিল্লীৰ কেজৰিৱাল চৰকাৰক দোষাৰোপ কৰি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰৰ ৷

Union Minister Javadekar blames delhi govt for delay in convicts execution in nirbhaya case
নিৰ্ভয়া কাণ্ডৰ দোষীক ফাঁচী দিয়াত পলমৰ বাবে দিল্লী চৰকাৰক দোষাৰোপ জাভেদকাৰৰ

By

Published : Feb 4, 2020, 2:04 PM IST

Updated : Feb 4, 2020, 5:47 PM IST

নেশ্যনেল ডেস্ক,4 ফেব্ৰুৱাৰী : নিৰ্ভয়া কাণ্ডৰ লগত জড়িত দোষীৰ মৃত্যুদণ্ড ঘোষণা কৰা 4 জন দোষীক ফাঁচী দিয়াত পলম হোৱাৰ বাবে মঙলবাৰে ৰাজ্যসভাত কেজৰিৱাল নেতৃত্বাধীন চৰকাৰক দোষাৰোপ কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে ৷

ৰাজ্যসভাত জাভড়েকাৰে কয় যে, " উচ্চতম ন্যায়লয়ে 2017 চনতে নিৰ্ভয়া কাণ্ডৰ দোষীৰ ক্ষমাদান আবেদন নাকচ কৰে, কিন্তু দোষীক জ্ঞাত কৰাৰ পক্ৰিয়াটো সম্পূৰ্ণ কৰোঁতে এবছৰত কৈ বেছি সময় লয় জেল কৰ্তৃপক্ষই ৷"

লগতে পঢ়ক:চীনত ক'ৰোনা ভাইৰাছত মৃত্যু সংখ্যা 425 জনলৈ বৃদ্ধি, আক্ৰান্ত প্ৰায় 20,438 গৰাকী

উল্লেখ্য যে, নিৰ্ভয়া কাণ্ডৰ 4 জন দোষীক উচ্চতম ন্যায়ালয়ৰ শীঘ্ৰে মৃত্যুদণ্ডৰ শুনানিৰ সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ দাবী কৰি ৰামনাথ কোৱিন্দক আবেদন কৰিছিল AAPৰ সাংসদ সঞ্জয় সিংয়ে ৷ এই আবেদনকে আক্ৰমণৰ লক্ষ্য কৰি ৰাজ্যসভাত দিল্লী কেজৰিৱালক চৰকাৰক মঙলবাৰে ৰাজ্যসভাৰ বৈঠকত তীক্ষ্ণ সমালোচনা কৰে বিজেপিৰ মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক:আইন উলংঘা কৰাৰ বাবে পুলিচ কাষ্টাডীত সোমাল গজৰাজ

Last Updated : Feb 4, 2020, 5:47 PM IST

ABOUT THE AUTHOR

...view details