নেচনেল ডেস্ক, 10 ডিচেম্বৰ :চট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু স্বাস্থ্যমন্ত্ৰী টিএচ সিঙ দেওৰ মাজত বিভেদৰ সৃষ্টি হোৱাৰ পাছতে চট্টিশগড়ৰ মুখ্যমন্ত্ৰী আসনক লৈ পুনৰ অনিশ্চয়তাই আগুৰি থকাৰ সময়তে সংবাদ মাধ্যমৰ সৈতে হোৱা এক কথা-বাৰ্তাত বাঘেলে কয় যে মুখ্যমন্ত্ৰীৰ আসন খন স্থায়ী নহয় আৰু এই সন্দৰ্ভত সকলো সিদ্ধান্ত দলৰ সদস্যসকলে গ্ৰহণ কৰিব ৷
মুখ্যমন্ত্ৰীৰ আসন খনৰ প্ৰতি তেওঁৰ কোনো মোহ নাই আৰু তেওঁৰ ইচ্ছা কেৱল ৰাইজৰ বাবে কাম কৰাৰহে বুলি উল্লেখ কৰি বাঘেলে কয় যে , "মই জানো কিছুমান লোকৰ মোৰ সৈতে আৰু ৰাজ্যখনৰ উন্নয়নৰ সৈতে সমস্যা আছে ৷ যদিহে দলৰ হাই কামাণ্ডে নিৰ্দেশ দিয়ে তেন্তে মই মোৰ পদৰ পৰা অব্যাহতি ল'ম " ৷
এই কথাৰো চৰ্চা চলিছে যে ৰাহুল গান্ধীৰ 2.5 বছৰৰ ফৰ্মুলা অনুসৰি টিএচ সিঙ দেওক কংগ্ৰেছৰ কাৰ্যকালৰ দ্বিতীয় ভাগৰ শাসন মুখ্যমন্ত্ৰী হিচাপে চলোৱাৰ দায়িত্ব প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল ৷ কিন্তু 2019 চনত কংগ্ৰেছৰ বিপৰ্যয় আৰু ৰাহুল গান্ধীৰ প্ৰতীকি পদত্যাগৰ পাছতে বাঘেল আৰু সিঙ দেওৰ মাজত বিভেদ আৰম্ভ হয় ৷
কিছুদিনৰ পূৰ্বে ইটিভি ভাৰতক স্বাস্থ্যমন্ত্ৰী টিএচ সিঙ দেওৱে আঢ়ৈবছৰীয়া কাৰ্যকালৰ কথা উল্লেখ কৰি কৈছিল যে চট্টিশগড়ত মুখ্যমন্ত্ৰীৰ শাসনৰ সময়সীমা নিৰ্দিষ্ট কৰা থাকে আৰু ৰাজনীতিত কেতিয়াও একো স্থায়ী নহয় ৷