অসম

assam

ETV Bharat / bharat

ৰামেশ্বৰী দেৱী মন্দিৰত বিজেপি নেত্ৰী উমা ভাৰতী - ৰামেশ্বৰী দেৱী মন্দিৰ ভ্ৰমণ কৰে উমা ভাৰতীয়ে

ৰামেশ্বৰী দেৱী মন্দিৰ ভ্ৰমণ কৰিলে বিজেপিত প্ৰভাৱশালী নেত্ৰী উমা ভাৰতীয়ে ৷ ভ্ৰমণ সময়ত সংবাদ মাধ্যমক সম্বোধন কৰি ক'লে, সামগ্ৰীক উন্নয়নৰ বাবে বৰ্তমানৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে প্ৰচেষ্টা চলায় আছে ৷

uma bharati visit rameswari devi temple
ৰামেশ্বৰী দেৱী মন্দিৰত দেখা গ'ল বিজেপিৰ প্ৰভাৱশালী নেত্ৰী উমা ভাৰতীক

By

Published : Dec 5, 2020, 6:44 PM IST

নিউজ ডেস্ক, 5 ডিচেম্বৰঃমধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ প্ৰভাৱশালী নেত্ৰী উমা ভাৰতীয়ে শুক্ৰবাৰে বান্দাৰৰ ৰামেশ্বৰী দেৱী মন্দিৰ ভ্ৰমণ কৰে ৷ মন্দিৰত উপস্থিত হৈ ভগৱানৰ ওচৰত পূজা অৰ্চনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ইয়াৰ পিচতে সংবাদ মাধ্যমক সম্বোধন কৰি উমা ভাৰতীয়ে প্ৰতিবাদকাৰী কৃষক সকলক চৰকাৰী প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ আহ্বান জনাই ৷ তেওঁ লগতে কয়, বাণ্ডেলখণ্ডৰ উপৰিও ভাৰতবৰ্ষত এনে কিছুমান অঞ্চল আছে যি সমূহে এতিয়াও উন্নয়নৰ মুখ দেখা নাই তথা বহু পিছপৰা ৷

সমান্তৰালভাৱে এই পিছপৰা অঞ্চলসমূহ সামগ্ৰীক উন্নয়নৰ বাবে বৰ্তমানৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে প্ৰচেষ্টা চলায় আছে বুলি মন্তব্য প্ৰকাশ কৰি উমা ভাৰতীয়ে কয়, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন আছিল ভাৰতক এখন আত্মনিৰ্ভশীল দেশ হিচাপে গঢ়ি তুলা ৷ ইয়াৰ লগতে বাণ্ডেলখণ্ডৰ সমস্যা সমূহ চৰকাৰে অধিক গুৰুত্ব সহকাৰে লৈছে বুলিও মন্তব্য প্ৰকাশ কৰে বিজেপিৰ নেত্ৰী গৰাকীয়ে ৷

ইফালে, বান্দাৰ সৈতে পূৰণা বহু স্মৃতি কথা জানিবলৈ দিয়ে উমা ভাৰতীয়ে ৷ তেওঁ কয়, বাবৰি ধ্বংসৰ সময়ত প্ৰশাসনে 50 হাজাৰ 'কৰ সেৱক'ক গ্ৰেপ্তাৰ কৰিছিল আৰু এই 'কৰ সেৱক' সকলৰ থকা-খোৱা লগতে সকলো ব্যৱস্থা বান্দাবাসীয়ে গ্ৰহণ কৰিছিল ৷ কিয়নো সেই 'কৰ সেৱক' সকলৰ বাবে কাৰাগাৰৰ ব্যৱস্থা কৰিব পৰা নাছিল প্ৰশাসনে আৰু 'কৰ সেৱক' সকলে নজৰবন্দীৰ সকলো অনুশাসন মানি চলিছিল ৷

লগতে পঢ়কঃআজি দিল্লীত কৃষকৰ সৈতে পঞ্চম স্তৰৰ বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী

ABOUT THE AUTHOR

...view details