অসম

assam

By

Published : Jan 1, 2021, 11:33 AM IST

ETV Bharat / bharat

উত্তৰ প্ৰদেশত দুজনকৈ ব্যক্তিৰ দেহত কৰ’ণা ভাইৰাছৰ নতুন প্ৰবাহ

কিছুদিন পূৰ্বে ইংলেণ্ডৰ পৰা প্ৰায় 1600 লোক উত্তৰ প্ৰদেশলৈ আহিছে ৷ ইয়াৰ পিছতেই কঠোৰ হৈ পৰিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগ ৷ ইংলেণ্ডৰ পৰা অহা যাত্ৰীসকলৰ দেহত কৰ’ণাৰ লক্ষ্যণ ধৰা পৰিলে তেওঁলোকক তাৎক্ষণিকভাৱে আইছোলেশ্যনত থাকিবলৈ নিৰ্দেশ দিছে স্বাস্থ্য বিভাগে ৷

up_two-man-in-up-affected-with-the-new-strain-of-covid-19_vis_7200985
উত্তৰ প্ৰদেশত দুজনকৈ ব্যক্তিৰ দেহত কৰ’ণা ভাইৰাছৰ নতুন প্ৰবাহ

নেশ্যনেল ডেস্ক,1 ডিচেম্বৰ: উত্তৰ প্ৰদেশৰ দুজনকৈ ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ নতুন প্ৰবাহ ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে ইংলেণ্ডৰ পৰা প্ৰায় 1600 লোক উত্তৰ প্ৰদেশলৈ আহিছে ৷ ইয়াৰ পিছতেই কঠোৰ হৈ পৰিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগ ৷ ইংলেণ্ডৰ পৰা অহা যাত্ৰীসকলৰ দেহত কৰ’ণাৰ লক্ষ্যণ ধৰা পৰিলে তেওঁলোকক তাৎক্ষণিকভাৱে আইছোলেশ্যনত থাকিবলৈ নিৰ্দেশ দিছে স্বাস্থ্য বিভাগে ৷ কৰ’ণাত আক্ৰান্ত ৰোগীসকলক চৰকাৰী হাস্পতালত স্থাপন কৰা বিশেষ ৱাৰ্ডত ভৰ্তি কৰোৱা হ’ব ৷ ব্ৰিটেইনৰ পৰা অহা এইসকল লোকৰ কোনোৱে কৰ’ণা ভাইৰাছত আক্ৰান্ত হ’লে তেওঁলোকৰ আইছোলেশ্যনৰ সময় 28 দিন হ’ব ৷

ইংলেণ্ডৰ পৰা অহা 1600 যাত্ৰীৰ 300 লোকক এইপৰ্যন্ত বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই স্বাস্থ্য বিভাগে ৷ কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা তথ্য আৰু ঠিকনাৰ ভিত্তিত এই লোকসকলক বিচৰা হৈছে যদিও তেওঁলোক নিজৰ ঠিকনাত উপস্থিত নাই নতুবা এইলোকসকলৰ সৈতে ফোনত সংযোগ স্থাপন কৰিবলৈ সক্ষম হোৱা নাই ৷ এই ক্ষেত্ৰত উপায়ন্তৰ হৈ উত্তৰ প্ৰদেশ চৰকাৰে ঘোষণা কৰিছে যে, যিসকল লোক স্বেচ্ছাই আগবাঢ়ি অহা নাই তেওঁলোকৰ বিৰুদ্ধে দুৰ্যোগ আইনৰ অধীনত এফ আই আৰ ৰুজু কৰা হ’ব ৷

ইংলেণ্ডৰ পৰা অহা যি দুজন ব্যক্তিৰ দেহত কৰ’ণা ভাইৰাছৰ নতুন প্ৰবাহৰ উপস্থিতি ধৰা পৰিছে তেওঁলোক গৌতমবুদ্ধ নগৰ আৰু মিৰাটৰ বুলি জানিব পৰা গৈছে ৷ আশ্বৰ্যজনকভাৱে দুয়োগৰাকীৰে দেহত কৰ’ণাৰ কোনো লক্ষ্যণ ফুটি উঠা নাই ৷ ইতিমধ্যে ইংলেণ্ডৰ পৰা অহা 2500 লোকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিছে উত্তৰ প্ৰদেশৰ স্বাস্থ্য বিভাগে ৷

লগতে পঢ়ক-লাইকা-দধীয়াবাসীৰ কাষত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা

ABOUT THE AUTHOR

...view details