অসম

assam

By

Published : Nov 19, 2019, 4:15 PM IST

ETV Bharat / bharat

পাকিস্তানৰ বাহাৱলপুৰত ধৃত দুই ভাৰতীয় নাগৰিক

পাকিস্তানৰ বাহাৱলপুৰত দেশখনৰ আৰক্ষীয়ে আটক কৰে দুগৰাকী ভাৰতীয় নাগৰিকক ৷ ইটিভি ভাৰতৰ হাতত আহি পৰা তথ্য অনুসৰি, হায়দৰাবাদৰ প্ৰশান্ত বৈদ্যম আৰু মধ্যপ্ৰদেশৰ ৱাৰি লালক বিগত 14 নৱেম্বৰতে গ্ৰেপ্তাৰ কৰে পাকিস্তানৰ পঞ্জাৱ আৰক্ষীয়ে ৷

পাকিস্তানৰ বাহাৱলপুৰত ধৃত দুই ভাৰতীয় নাগৰিক

নেশ্বনেল ডেস্ক, 19 নৱেম্বৰঃপাকিস্তানৰ পঞ্জাৱ আৰক্ষীয়ে বিগত 14 নৱেম্বৰত আটক কৰে দুগৰাকী ভাৰতীয় নাগৰিকক ৷ ইটিভি ভাৰতে লাভ কৰা তথ্য অনুসৰি, পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ বাহাৱালপুৰৰ পৰা আৰক্ষীয়ে আটক কৰে দুয়োগৰাকী ভাৰতীয় নাগৰিকক ৷ দুয়োগৰাকী নাগৰিক হায়দৰাবাদৰ প্ৰশান্ত বৈদ্যম আৰু মধ্যপ্ৰদেশৰ ৱাৰি লাল বুলি জানিব পৰা গৈছে ৷

দুই ভাৰতীয় নাগৰিক দুগৰাকী

কোনো বৈধ নথি-পত্ৰ অবিহনে পাকিস্তানত প্ৰৱেশ কৰিবলৈ লোৱা অৱস্থাতে দুয়োগৰাকী ভাৰতীয়ক আটক কৰে দেশখনৰ আৰক্ষীয়ে ৷ পাকিস্তান আইন 1952ৰ ধাৰা 334-4 ৰ অধীনত ইতিমধ্যে দুয়োগৰাকীকে বিদেশী বুলি ঘোষণা কৰি আটক কৰিছে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা কোনোধৰণৰ তথ্য এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই ৷

ETV Bharat অসমৰ হাতত আহি পৰা এজাহাৰৰ প্ৰতিলিপি

উল্লেখ্য যে, চলিত বৰ্ষৰ আগষ্ট মাহত পাকিস্তানৰ পঞ্জাৱৰ পৰা স্থানীয় আৰক্ষীয়ে এগৰাকী ভাৰতীয় চোৰাংচোৱা আটক কৰা বুলি দাবী কৰিছিল ৷ পঞ্জাৱৰ ডেৰা ঘাজী খান চহৰৰ পৰা আটক হোৱা ভাৰতীয় চোৰাংচোৱা, ৰাজু লক্ষ্মনক বালোচিস্তানত প্ৰৱেশৰ সময়তে গ্ৰেপ্তাৰ কৰিছিল পাকিস্তানৰ আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details