নেশ্যনেল ডেস্ক, 14 ফেব্ৰুৱাৰী : প্ৰথমটো ভাৰত ভ্ৰমণকালত দেশৰ শীৰ্ষ উদ্যোগপতিৰে মিলিত হ'ব আমেৰিকান ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ শুকুৰবাৰে প্ৰকাশিত এক তথ্য অনুসৰি,দুয়ো দেশৰ বাণিজ্যক সম্পৰ্ক পূৰ্বতকৈ অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে ভাৰতৰ উদ্যোগপতিৰে মিলিত হ'ব ট্ৰাম্প ৷ বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ পঞ্চম স্থানৰ ভাৰতত উপস্থিত হৈ আমেৰিকান ৰাষ্ট্ৰপতিগৰাকীয়ে কৰ্পৰেট ছেক্টৰৰ প্ৰমুখ ব্যক্তিসকলৰ সৈতে আলোচনাত মিলিত হ'ব ৷ ইয়াৰোপৰি,এই আলোচনাচক্ৰত উপস্থিত থাকিব আমেৰিকাৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ লগতে ভাৰতৰো বহুকেইজন জ্যেষ্ঠ কূটনীতিবিদ ৷ ভাৰতৰ কোটিপতি উদ্যোগপতি মুকেশ আম্বানী,সুনীল ভাৰতী মিট্টল,এন.চন্দ্ৰচেকৰণ,আনন্দ মহিন্দ্ৰ,এ. এম. নায়ক,কিৰন মজুমদাৰ শ্ব' এই আলোচনাচক্ৰত উপস্থিত থকাৰ সম্ভাৱনা আছে ৷
ভাৰতৰ শীৰ্ষ উদ্যোগপতিৰে মিলিত হ'ব ট্ৰাম্প
ভাৰতৰ শীৰ্ষস্থানৰ উদ্যোগপতিৰে মিলিত হ'ব আমেৰিকান ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ 25 ফেব্ৰুৱাৰীত আলোচনাচক্ৰত মিলিত হ'ব তেওঁ ৷
ড'নাল্ড ট্ৰাম্প
উল্লেখ্য যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণত দুদিনীয়া ভ্ৰমণসূচীৰে 24 আৰু 25 ফেব্ৰুৱাৰীত ভাৰত ভ্ৰমণ কৰিব আমেৰিকান ৰাষ্ট্ৰপতি ট্ৰাম্পে ৷
আৰু পঢ়ক : কেজৰিৱালৰ শপত গ্ৰহণত উপস্থিত নাথাকে প্ৰধানমন্ত্ৰী মোডী