নিউজ ডেস্ক, ১১ এপ্ৰিলঃ মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে দেশজুৰি চলা লক ডাউনৰ সময়ত সংকটে দেখা দিছে ত্ৰিপুৰাৰ কালী কৃষ্ণ গাঁৱত । দিন হাজিৰা কৰি খোৱা গাঁৱখনত বৰ্তমান দেখা দিছে খাদ্য সংকটে । তাৰোপৰি গাঁৱখনত মহামাৰী কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ নাই কোনো চিকিৎসা ব্যৱস্থা ।
ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অৱস্থিত এই গাঁৱখনত বিগত ২৪ মাৰ্চৰ পৰা আবদ্ধ হৈ আছে জাহাংগীৰ হুছেইন নামৰ এজন কৃষক । ৪২ বছৰীয়া কৃষকজনে এজন সংবাদদাতাৰ আগত প্ৰকাশ কৰা অনুসৰি, " মই নাজোনো সহায়ৰ বাবে কাৰ লগত সম্পৰ্ক কৰিব লাগে । ভাৰতীয় পক্ষৰ বিষয়াসকলে গেট খুলি দিয়া নাই । সেই বাবে মই ইয়াত আবদ্ধ হৈ পৰিলো ।