অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাৰ মহাবিদ্যালয়ত বিস্ফোৰণ : আহত পাঁচ

ত্ৰিপুৰাৰ ধৰ্মনগৰ মহাবিদ্যালয়ত সংঘটিত এক বিস্ফোৰণৰ ফলত পাঁচজনকৈ ছাত্ৰ - ছাত্ৰী গুৰুতৰভাৱে আহত হৈছে । গুৰুতৰভাৱে আহত তিনিজনক ধৰ্মনগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

By

Published : May 28, 2019, 8:08 PM IST

ত্ৰিপুৰাৰ মহাবিদ্যালয়ত বিস্ফোৰণ : আহত পাঁচ

কৰিমগঞ্জ, ২৮ মে': ত্ৰিপুৰাৰ ধৰ্মনগৰ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত সংঘটিত হোৱা এক বিস্ফোৰণৰ ফলত বিজ্ঞান শাখাৰ কেইবাজনো ছাত্ৰ - ছাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰে । ঘটনাত পাঁচ গৰাকীকৈ ছাত্ৰ - ছাত্ৰী আহত হোৱাৰ লগতে গুৰুতৰ অৱস্থাত তিনিজন ছাত্ৰক ধৰ্মনগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

ত্ৰিপুৰাৰ মহাবিদ্যালয়ত বিস্ফোৰণ : আহত পাঁচ

উল্লেখ্য যে, মঙলবাৰে ৰসায়ন বিজ্ঞান বিভাগৰ গৱেষণাগাৰত অসাৱধানতাবশতঃ কেমিকেলৰ ভুল সংমিশ্ৰণৰ ফলত বিস্ফোৰণ সংঘটিত হয় । এই ঘটনাত আহত সকল হৈছে পাপিয়া ভট্টাচাৰ্য, শতৰূপা দত্ত, ৰাজ গুপ্ত, সুষ্মিতা দাস আৰু সুনন্দা পাল ।

আৰু পঢ়ক : যোধপুৰত দুৰ্ঘটনাত 12 জন নিহত, একে পৰিয়ালৰে 7জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details