অসম

assam

ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো - 25 august

চাওঁ আহত আজিৰ দিনটো (২৫ আগষ্ট) ত বিশ্ব ইতিহাসত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

ইতিহাসত আজিৰ দিনটো

By

Published : Aug 25, 2019, 9:07 AM IST

  • ‌১৮৮৮ আজিৰ দিনটোতেই অসমীয়া ভাষা উন্নতি সাধিনী সভা চমুকৈ অ. ভা. উ. সা.ই জন্ম লাভ কৰে। বৰ্তমানৰ অসম সাহিত্য সভাৰ পূৰ্বৱৰ্তী পৰ্যায় আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা।
  • ‌১৮৬৭ চনৰ আজিৰ দিনটোতে বৈজ্ঞানিক মাইকেল ফেডাৰেয়ে জন্মলাভ কৰিছিল। বিদ্যুৎ চুম্বকত্ব আৰু বিদ্যুৎ ৰসায়নৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত ফেডাৰে।
  • ‌১৯৪২ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী হেমৰাম বৰা সেনাৰ গুলীত নিহত হয়।
  • ‌১৯৭০ চনৰ আজিৰ দিনটোতে প্ৰথম মহাসমৰৰ সৈনিক তথা খ্যাতনামা লেখক এৰিক মাৰিয়া ৰেমাৰ্কৰ মৃত্যু হৈছিল। তেওঁৰ বিখ্যাত গ্ৰন্থ হ’ল অল কোৱায়েট অন দ্য ৱেষ্টাৰ্ন ফ্ৰণ্ট। এই গ্ৰন্থখন প্ৰকাশিত হৈছিল ১৯১৯ চনত। সম্ভৱত প্ৰথম মহাসমৰৰ পটভূমিত লিখা এইখনেই সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ।
  • ‌২০১২ চনৰ আজিৰ দিনটোতে নীল আৰ্মষ্ট্ৰংৰ মৃত্যু হয়।
  • ‌আজি উৰুগোয়েৰ (uruguay) স্বাধীনতা দিৱস। ১৮২৫ চনৰ আজিৰ দিনটোতে ব্ৰাজিলৰ পৰা স্বাধীনতা লাভ কৰিছিল দেশখনে।
  • ‌১৮৩০ চনৰ ২৫ আগষ্টৰ পৰাই আৰম্ভ হৈছিল বেলজিয়ান বিগ্ৰহ। নেডাৰলেণ্ডৰ পৰা স্বাধীনতা লাভ কৰাৰ উদ্দেশ্যে এই বিদ্ৰোহৰ সূত্ৰপাত ঘটিছিল।
  • ‌কেন্দি সাম্ৰাজ্যৰ হাতত ১৬৩০ চনৰ আজিৰ দিনটোতে পৰ্তুগীজসকলে পৰাজয় স্বীকাৰ কৰে। শ্ৰীলংকাত সংঘটিত এই যুদ্ধখনক ৰন্দেনিৱালা বিগ্ৰহ হিচাপেও জনা যায়।
  • ‌১৯৩৩ চনৰ আজিৰ দিনটোতে সংঘটিত হৈছিল চীনৰ ভয়াবহ ভূমিকম্প। ছিচুৱানত সংঘটিত এই ভয়াবহ দুৰ্যোগত নিহত হৈছিল প্ৰায় ৯০০০ গৰাকীকৈ লোক।
  • ‌১৯৮০ চনৰ আজিৰ দিনটোতে জিম্বাবুৱে ৰাষ্ট্ৰসংঘত যোগদান কৰে।

ABOUT THE AUTHOR

...view details