অসম

assam

ETV Bharat / bharat

প্লাষ্টিক বৰ্জনঃ উল্লেখনীয় পদক্ষেপেৰে ৰাজস্থানৰ এখন গাঁও - একক ব্যৱহূত প্লাষ্টিক ৰাজস্থান

যি সময়ত সমগ্ৰ বিশ্বই প্লাষ্টিকৰ ভয়াবহতাৰ বিৰুদ্ধে সংগ্ৰাম কৰিব লগা হৈছে, সেই সময়ত ৰাজস্থানৰ এখন ভিতৰুৱা গাঁও সকলোৰে বাবে হৈ পৰিছে আদৰ্শ ৷

single use plastic free
প্লাষ্টিক বৰ্জনঃ উল্লেখনীয় পদক্ষেপেৰে ৰাজস্থানৰ এখন গাঁও

By

Published : Dec 12, 2019, 5:14 PM IST

ৰাজস্থান, 13 ডিচেম্বৰঃ চলিত বৰ্ষৰ গান্ধী জয়ন্তীৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে, সমগ্ৰ দেশৰ পৰা বিদায় দিয়া হ'ব একক ব্যৱহৃত প্লাষ্টিক ৷ কিন্তু প্ৰধানমন্ত্ৰী গৰাকীৰ এই ঘোষণাৰ বহু আগতেই ৰাজস্থানৰ কটা জিলাৰ এখন ভিতৰুৱা গাঁও কেশাভপুৰাত একক ব্যৱহৃত প্লাষ্টিক বৰ্জনৰ বাবে আৰম্ভ হৈছিল ব্যাপক প্ৰচাৰ অভিযান ৷

এই গাঁও খনত ব্যৱহৃত প্লাষ্টিকৰ দৰে অজৈৱিক পদাৰ্থৰ বহুল ব্যৱহাৰৰ বাবেই হাজাৰ হাজাৰ ঘৰচীয়া পশুৰ মৃত্যু হৈছিল যাৰ বাবে গাঁওবাসীয়ে গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল এই সংকল্প ৷

2019 চনৰ 11 জুলাইত এই উদ্দেশ্যক কাৰ্যকৰী কৰিবলৈ গাঁওবাসীয়ে এবাৰ ব্যৱহৃত প্লাষ্টিক সংগ্ৰহ কৰি জ্বলাই দিছিল ৷

গাঁওবাসীৰ এই সংকল্পই কেৱল তেওঁলোককে সকাহ দিয়া নহয় , বৰঞ্চ সকলো জীৱ জন্তুকো জীয়াই থাকিবলৈ সহায় কৰিছিল ৷

গাঁওবাসীৰ এই বৈপ্লৱিক পদক্ষেপৰ পাছত কেশাভপুৰা গাঁও উন্নয়ন সমিতিয়ে একক ব্যৱহৃত প্লাষ্টিকক আনুষ্ঠানিক ভাৱে বৰ্জনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে , এই ক্ষেত্ৰত বিশেষভাৱে সম্প্ৰদায় সমূহে উৎসৱৰ সময়ত ব্যৱহাৰ কৰা প্লাষ্টিকৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় ৷

ইয়াৰ পাছত জুলাইৰ মাহৰ পৰা বৰ্তমানলৈকে মুঠ 11 টা সম্প্ৰদায়ৰ উৎসৱত ব্যৱহৃত নহ'ল প্লাষ্টিকৰ প্লেট , গ্লাছকে ধৰি অন্যান্য সামগ্ৰী ৷

লগতে কেশাভপুৰা গাঁও উন্নয়ন সমিতিয়ে প্লাষ্টিকৰ সামগ্ৰীৰ ঠাইত অন্য বিকল্প সামগ্ৰী ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ফলস্বৰূপে গাঁও খনৰ প্ৰত্যেকটো পৰিয়ালে এতিয়া ব্যৱহাৰ কৰে কাগজৰ অথবা কাপোৰৰ মোনা ৷

ৰাজস্থানৰ ৰাজধানী চহৰ জাইপুৰৰ পৰা মাত্ৰ 40 কিলোমিটাৰ দূৰত্বত থকা প্ৰায় 6 শতাধিক জনসংখ্যাৰ এই সৰু গাঁও খন এতিয়া সকলোৰে বাবে হৈ পৰিছে অনুপ্ৰেৰণা ৷ যাৰ বাবে কেশাভপুৰাৰ চুবুৰীয়া গাঁও সমূহেও জৈৱ বৈচিত্ৰতা ৰক্ষাৰ বাবে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷

প্লাষ্টিক বৰ্জনঃ উল্লেখনীয় পদক্ষেপেৰে ৰাজস্থানৰ এখন গাঁও

ABOUT THE AUTHOR

...view details