অসম

assam

ETV Bharat / bharat

দেশীয় যুদ্ধজাহাজ নিৰ্মাণৰ ক্ষেত্ৰত নতুন মাইলষ্টোন - CHIEF OF NAVAL STAFF

প্ৰতিৰক্ষাৰ দিশত নতুন সফলতা অৰ্জন ভাৰতীয় নৌ - সেনাৰ ৷ শনিবাৰে নৌ - সেনাৰ জাহাজ নিৰ্মাণ কোম্পানী মাজাগন ডক লিমিটেডত প্ৰজেক্ট 15বিৰ তৃতীয়খন যুদ্ধ জাহাজ ইম্ফলৰ সফল উন্মোচন সম্পন্ন কৰে ৷ এই অনুষ্ঠানত উপস্থিত থাকে নৌ-সেনাধ্যক্ষ এডমিৰেল সুনীল লান্বা আৰু বহু নৌ - বিষয়া ৷

THIRD SHIP OF PROJECT 15B LAUNCHED

By

Published : Apr 20, 2019, 11:02 PM IST

মুম্বাই, 20 এপ্ৰিল: ভাৰতীয় নৌ - সেনাই শনিবাৰে নৌ - সেনাৰ জাহাজ নিৰ্মাণ কোম্পানী মাজাগন ডক লিমিটেডত প্ৰজেক্ট 15বিৰ তৃতীয়খন যুদ্ধ জাহাজ ইম্ফলৰ সফল উন্মোচন সম্পন্ন কৰে ৷ নৌ - বিভাগৰ বহুসংখ্যক বিষয়াৰ উপস্থিতিত হৰ্ষ - ধ্বনিৰে 3037 টন ওজনৰ জাহাজখন দিনৰ 12:20 বজাত সফলভাৱে পানীৰ মাজলৈ এৰি দিয়া হয় ৷ নৌ - সেনাধ্যক্ষ এডমিৰেল সুনীল লাণ্বাৰ পত্নী তথা এন ডব্লিউ ডব্লিউ এৰ সভানেত্ৰী ৰীণা লান্বাই জাহাজৰ টিঙত নাৰিকল ভাঙি ইয়াৰ শুভাৰম্ভ কৰে ৷

THIRD SHIP OF PROJECT 15B LAUNCHED

উল্লেখ্য যে, নতুন দিল্লীস্থিত ভাৰতীয় নৌ - সেনা ডিজাইন নিৰ্দেশালয়ত এই জাহাজসমূহৰ নক্সা তৈয়াৰ কৰা হয় ৷ অত্যাধুনিক পদ্ধতিৰে নিৰ্মিত এই জাহাজসমূহৰ নক্সা তৈয়াৰ তথা নিৰ্মাণে প্ৰতিৰক্ষাৰ দিশত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰমাণ দৰ্শায় ৷

ABOUT THE AUTHOR

...view details