নিউজ ডেস্ক, 9 জুলাই : আমি এখন এনেকুৱা দেশ য'ত দুই মিলিয়ন আৰক্ষী বাহিনীয়ে দেশৰ অন্তৱৰ্তী সুৰক্ষাৰ দায়িত্ব পালন কৰে ৷ ব্ৰিটিছৰ শাসনকালত শাসকপক্ষৰ স্বাৰ্থ ৰক্ষা কৰাটো আৰক্ষীৰ একমাত্ৰ দায়িত্ব আছিল, কিন্তু স্বাধীনতাৰ পিচত ৰাইজৰ নিৰাপত্তাই আৰক্ষীৰ প্ৰাথমিক কৰ্তব্য হৈ পৰে ৷ বিভিন্ন সময়ত ৰাষ্ট্ৰীয় আৰক্ষী আয়োগে আৰক্ষী বাহিনীক ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰি তাৰ প্ৰতি উত্তৰদায়ী হ'বলৈ নিৰ্দেশনা প্ৰদান কৰি আহিছে, আইনৰ শাসনত বলৱৎ কৰি সমাজত ইয়াক পৰিচালনা কৰাটো তেওঁলোকৰে দায়িত্ব ৷ অৱশ্যে বহুসময়ত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে আৰক্ষী ব্যৱস্থা নিয়ন্ত্ৰিত অপৰাধীৰ দল হৈ পৰা বুলি প্ৰকাশ কৰিছে ৷ কিন্তু ইমানৰ পিচতো তেওঁলোকৰ ব্যৱহাৰ বেয়াৰ পৰা অতি বেয়ালৈ ঢাল খাইছে আৰু উদ্ভাৱনী অত্যাচাৰৰ দ্বাৰা অমায়িক, নিৰপৰাধী লোকৰ জীৱন লৈ আহিছে ৷ তামিলনাডুৰ থুথুকুডিত শেহতীয়াকৈ সংঘটিত ঘটনা ইয়াৰ জ্বলন্ত উদাহৰণ ৷
নিষ্ঠুৰতাই ল'লে দুটিকৈ প্ৰাণ
চৰকাৰে কোভিড-19 ভাইৰাছৰ পৰা জনতা আৰু তেওঁলোকৰ জীৱন ৰক্ষা কৰিবলৈ চৰকাৰে লকডাউন জাৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ মহাৰাষ্ট্ৰৰ সৈতে কোভিড-19ৰ ঘটনাৰ একে দৌৰত থকা তামিলনাডুতো কাঢ়া লকডাউন আৰোপ কৰা হৈছিল ৷ জয়ৰাজ(60) নামৰ ব্যক্তিগৰাকীয়ে লকডাউনৰ নিয়ম উলংঘা কৰি 7:30 বজাৰ পিচতো তেওঁৰ দোকানখন খোলা ৰখাৰ বাবে 19 জুনত আৰক্ষীৰ আক্ৰমণৰ বলি হয় ৷ তেওঁক চাট্টানুকুলাম আৰক্ষী চকীলৈ লৈ যোৱা হয়, য'ত তেওঁক ৰখা হৈছিল ৷ সেই সময়তে তেওঁৰ পুত্ৰ ফনিক্সে আৰক্ষী চকীত উপস্থিত হৈ তেওঁৰ পিতৃক মুকলি কৰি দিবলৈ যুক্তিতৰ্কত লিপ্ত হয় আৰু ইয়াৰ বাবে তেওঁকো আৰক্ষীয়ে আটক কৰে ৷ 22 জুনত জয়ৰাজে বুকুত বিষ অনুভৱ কৰে আৰু তেওঁক কোভিলপাটি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷ ইয়াকে লৈ ৰাইজৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতিয়ে আৰক্ষীৰ জিম্মাত হোৱা ভয়ংকৰ অত্যাচাৰৰ বাবেই দুয়োগৰাকীৰ মৃত্যু হোৱা বুলি জানি স্থানীয় পৌৰ প্ৰশাসন আৰু ন্যায়িক ব্যৱস্থাই একপ্ৰকাৰ আচৰিত হৈ পৰে ৷ এই সমগ্ৰ ঘটনাটোত ন্যায়িক দণ্ডাধীশৰ তদন্তই আৰক্ষীৰ অপৰাধপ্ৰৱনতা উদঙাই দি, অপৰাধ আৰু ন্যায় ব্যৱস্থাৰ এক ভুল পৰিচালনা পোহৰলৈ লৈ আনে ৷
নৃংশসতা
কোভিলপাটি ন্যায়িক দণ্ডাধীশ এমএছ ভাৰথীদাচানে দাখিল কৰা প্ৰতিবেদন অনুসৰি, আৰক্ষী চকীখনত থকা চিচিটিভি কেমেৰাসমূহ অটো ডিলিট পৰ্যায়ত ৰাখি ইয়াৰ সকলো ৰেকৰ্ডিং প্ৰতিদিনৰ অন্তত ডিলিট কৰি দিয়া হয় ৷ ইয়াৰ দ্বাৰাই আৰক্ষীয়ে তেওঁলোকৰ দ্বাৰা সংঘটিত অপৰাধৰ প্ৰমাণসমূহ নষ্ট কৰি আহিছে ৷ অনুসন্ধানকাৰী কমিটীক কনিষ্টবলৰ পৰা আৰম্ভ কৰি উচ্চ-পৰ্যায়ৰ বিষয়াসকলেও দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তোলে কমিটীয়ে ৷ আনকি এগৰাকী কনিষ্টবলে অনুসন্ধানকাৰী কমিটীক কোনো প্ৰমাণ কৰিব নোৱাৰিব বুলি প্ৰত্যাহ্বানো প্ৰদান কৰে, যিয়ে তেওঁলোকৰ আইনৰ প্ৰতি থকা ধাৰনাক প্ৰতিফলিত কৰে ৷ আৰক্ষী চকীখনৰ মহিলা আৰক্ষীগৰাকী অত্যধিক ভীতিগ্ৰস্ত হৈ থকাটো তেওঁৰ মন্তব্য প্ৰদান কৰাৰ সময়ত পৰিলক্ষিত হৈছিল আৰু ইয়ে পিতা-পুত্ৰৰ ওপৰত ওৰেনিশা হোৱা অত্যাচাৰৰ ভয়াৱহতাক স্পষ্টৰূপত প্ৰকাশ কৰে ৷ তেজেৰে লুতুৰি-পুতুৰি হৈ নপৰালৈকে তেওঁলোকক অত্যাচাৰ কৰা হৈছিল আৰু আৰক্ষী চকীৰ ফাৰ্নিচাৰ আৰু অন্যান্য আচবাবত তেজৰ চেকুৰা লাগি ধৰিছিল ৷ নিৰপৰাধীক অপৰাধীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ প্ৰদান কৰা আৰক্ষীৰ ক্ষমতাক দুৰ্ভগীয়া আৰু সহায়বিহীন জনতাৰ বিৰুদ্ধে একেবাৰে ভুলকৈ ব্যৱহাৰ কৰা হৈছিল ৷ আৰক্ষী চকীত মৌলিক অধিকাৰৰ কোনো অৰ্থ নাই ৷ স্বাধীনতাৰ সত্তৰ বৰ্ষ পিচতো ভাৰত গণতন্ত্ৰৰ প্ৰতি এই নৃংশসতা এক ভাবুকি হিচাপে পৰিগণিত হৈছে ৷