নিউজ ডেস্ক, 26 জুলাই : পাকিস্তানৰ অনুপ্ৰৱেশৰ বিষয়ে সৰ্ব প্ৰথমে তাশি নামগ্যাল নামৰ এগৰাকী স্থানীয় ভেড়াৰখীয়াই সকলোকে খবৰ দিছিল ৷ তাশি নামগ্যালে তেওঁৰ হেৰোৱা য়াকটো বিচাৰি যোৱাৰ সময়তে পাকিস্তানী সেনাৰ সামৰিক বাহিনীক প্ৰত্যক্ষ কৰিছিল ৷ তেওঁ লগে লগে ভাৰতীয় সেনাক এই বিষয়ে খবৰ দিছিল আৰু ভাৰতীয় সেনাই ইয়াক পৰীক্ষা কৰি সঁচা বুলি প্ৰমাণিত কৰিছিল ৷ তাশি নামগ্যাল, মৰুপ ছেৰিং আৰু আলি ৰাজা ষ্টানবাই গাৰখুনৰ পৰা বাণজু হিললৈ নিজৰ ভেড়া চৰাবলৈ গৈছিল ৷ কাৰ্গিলত ভেড়াপালকসকলে সদায়ে জুম বান্ধি বহুকেইখন গাঁৱৰ ভেড়াসমূহ একেলগে চৰাবলৈ নিয়ে ৷ নামগ্যাল আৰু তেওঁৰ বন্ধুসকল অতিকৈ কমবয়সীয়া আছিল, আৰু জুবেৰ উচ্চতালৈ গৈ বনৰীয়া ছাগলী চিকাৰ কৰা খেলত অংশগ্ৰহণ কৰিছিল ৷ ছেৰিঙে নিজৰ লগত এযোৰ শক্তিশালী ফিল্ড বায়নোকুলাৰ লৈ গৈছিল, যাক চিকাৰত ব্যৱহাৰ কৰাৰ বাবে লেহৰ পৰা ক্ৰয় কৰিছিল ৷ 3 মে'ৰ ৰাতিপুৱালৈ নামগ্যালে জুবেৰ লাংপাৰ 5 কিলোমিটাৰলৈ যাবলৈ সক্ষম হৈছিল ৷ ছেৰিঙৰ বায়নোকুলাৰেৰে ওচৰৰ পৰ্বত পৰীক্ষা কৰাত পাঠান পোচাক পৰিহিত মানুহৰ জুম দেখিছিল আৰু তেওঁলোকে বাংকাৰ বনাবৰ বাবে সেই ঠাই মাটি খান্দি আছিল ৷ যদিও তেওঁলোকৰ সংখ্যা আৰু শক্তিৰ বিষয়ে কোনো গম পোৱা হোৱা নাছিল, নামগ্যালে ততালিকে সেই স্থানত থকা 3য় পাঞ্জাৱ ৰেজিমেন্টক এই বিষয়ে উল্লেখ কৰিছিল ৷
নামগ্যালৰ শব্দৰে এই কাহিনী :