অসম

assam

ETV Bharat / bharat

নেপাল সীমান্তত নিয়োজিত এছএছবি জোৱানৰ সৈতে দুৰ্ব্যৱহাৰ - ভাৰত-নেপাল সীমান্ত

ভাৰত-নেপাল সীমান্তত নিয়োজিত হৈ সশস্ত্ৰ সীমা বলৰ জোৱানৰ সৈতে দুৰ্ব্যৱহাৰ নেপালী নাগৰিকৰ ৷ পিলিভিটৰ নৌজালা সীমান্ত চকীত কৰ্মৰত এছএছবিৰ বিষয়া উজ্জ্বল সিঙে এই কথা প্ৰকাশ কৰিছে ৷

নেপাল সীমান্তত নিয়োজিত এছএছবি জোৱানৰ সৈতে দুৰ্ব্যৱহাৰ
নেপাল সীমান্তত নিয়োজিত এছএছবি জোৱানৰ সৈতে দুৰ্ব্যৱহাৰ

By

Published : Oct 8, 2020, 1:53 PM IST

নিউজ ডেস্ক, 8 অক্টোবৰ : ভাৰত নেপাল সীমান্তৰ সুৰক্ষাৰ দায়িত্ব থকা সশস্ত্ৰ সীমা বল চমুকৈ এছএছবিৰ জোৱানৰ সৈতে দুৰ্ব্যৱহাৰ নেপালী নাগৰিকৰ ৷ উত্তৰ প্ৰদেশৰ পিলিভিট জিলাৰ ভাৰত-নেপাল সীমান্তৱৰ্তী সুন্দৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ বাহিনীটোৰ 49 বেটালিয়নৰ এটা সীমান্ত নিৰীক্ষণ চকীৰ দলৰ সৈতে এই ঘটনা সংঘটিত হোৱাৰ কথা প্ৰকাশ কৰিছে চকীখনৰ দায়িত্বত থকা বিষয়া উজ্জ্বল সিঙে ৷ এই ঘটনাৰ পিচতেই অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় ৷

নেপাল সীমান্তত নিয়োজিত এছএছবি জোৱানৰ সৈতে দুৰ্ব্যৱহাৰ

সোমবাৰে উক্ত চকীৰ দায়িত্বত থকা জোৱানসকলে নেপালৰ পৰা অহা এখন ট্ৰাক জব্দ কৰিছিল ৷ ট্ৰাকখনত সৌন্দৰ্য্য চৰ্চাৰ প্ৰায় 24.55 লাখ টকাৰ সামগ্ৰী আছিল বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এছএছবিয়ে বিক্ৰম চক্ৰৱৰ্তী নামৰ এগৰাকী লোকক গ্ৰেপ্তাৰ কৰে ৷

এই ঘটনাৰ পিচতেই বহুসংখ্যক লোকৰ দ্বাৰা গঠিত নেপালৰ এটা দলে আহি এছএছবিৰ দলটোক আক্ৰমণ চলায় ৷ কেৱল আক্ৰমণ কৰাই নহয় তেওঁলোকে সীমান্ত খুঁটাৰ 17 আৰু 18 মাজত থকা পানীৰ সংযোগো বন্ধ কৰি দিয়ে ৷ যাৰ ফলত ভীষণ সমস্যাৰ সন্মুখীন হয় এছএছবিৰ দলটোৰ লগতে ভাৰতৰ ফালে থকা গাঁওবাসী ৷

এই ঘটনাৰ পিচতেই ঘটনাস্থলীত স্থানীয় আৰক্ষী নিয়োগ কৰা হয় যদিও আৰক্ষীৰ সন্মুখৰ পৰা নেপালী জনতাই দুগৰাকীকৈ এছএছবি জোৱানৰ মোবাইল ফোন কাঢ়ি লৈ যায় ৷

লগতে পঢ়ক :আফগান শান্তি আয়োগ প্ৰধানৰ সৈতে এনএছএ অজিত ডোভালৰ বৈঠক

ABOUT THE AUTHOR

...view details