অসম

assam

ETV Bharat / bharat

প্ৰাক্তন মাওবাদী নেত্ৰী তথা তেলেংগনাৰ বিধায়িকাই দুৰ্গম অঞ্চলত বিতৰণ কৰিলে সাহায্য - ওৰাংগল আদালতত আইনৰ অনুশীলন কৰিছিল

তেলেংগনাৰ খাদ্য সংকটত ভোগা আদিবাসী পৰিয়াল সমূহৰ মাজত সাহায্য বিতৰণ কৰিলে কংগ্ৰেছ দলৰ বিধায়িকা দানচাৰি অনূসূয়ায়ে ৷ প্ৰাক্তন মাওবাদী নেত্ৰী দানচাৰি অনূসূয়া যাক শ্ৰীথাক্কা বুলি জনা যায়, তেঁও প্ৰায় 20 কিল'মিটাৰ দূৰ্গম অৰণ্য অঞ্চলত খোজকাঢ়ি এই সামগ্ৰী বিতৰণ কৰিলে জনতাৰ মাজত ৷

Telangana MLA treks through harsh terrain, delivers essentials to tribals
প্ৰাক্তন মাওবাদী নেত্ৰী তথা তেলেংগনাৰ বিধায়িকাই দুৰ্গম অঞ্চলত বিতৰণ কৰিলে সাহায্য

By

Published : May 4, 2020, 3:37 PM IST

Updated : May 4, 2020, 5:12 PM IST

নিউজ ডেস্ক, 4 মে' : লক্ ডাউনৰ বাবে তীব্ৰ খাদ্য সংকটত ভুগিছে দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ৷ লক্ ডাউনৰ এই সময়ছোৱাত সহায়ৰ হাত আগবঢ়াই আহিছে দেশৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ৷

তেলেংগনাৰ কংগ্ৰেছ দলৰ বিধায়িকা দানচাৰি অনূসূয়াই ৰাজ্যখনৰ আদিবাসী অঞ্চলত সোমবাৰে খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ লক্ ডাউন আৰম্ভণিৰে পৰা আদিবাসী অঞ্চল সমূহত বিধায়িকা গৰাকীয়ে সাহায্য বিতৰণ কাৰ্যসূচী অব্যাহত ৰাখিছে ৷

দেওবাৰে মুলুগ সমষ্টিৰ বিধায়িকা গৰাকীয়ে 20 কিল'মিটাৰ খোজকাঢ়ি বজিদেউ মণ্ডলত বসবাস কৰা আদিবাসী লোক সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷

উপ পঞ্জীয়ক তজলীমা আৰু কংগ্ৰেছৰ জিলা সভাপতি নেলেল্লা কুমাৰা স্বামীৰ লগতে বিষয়া-কৰ্মচাৰীৰ সৈতে বিধায়িকা গৰাকীয়ে বিভিন্ন খাদ্য সামগ্ৰীৰ বহু কেইখন বেগ হাতত লৈ বহু কেইখন পাহাৰ আৰু নদী পাৰ হৈ অঞ্চলটোৰ পৰিয়ালৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰীখিনি ৷

প্ৰাক্তন মাওবাদী নেত্ৰী তথা তেলেংগনাৰ বিধায়িকাই দুৰ্গম অঞ্চলত বিতৰণ কৰিলে সাহায্য

উল্লেখযোগ্য যে, বিধায়িকা দানচাৰি অনূসূয়াই পূৰ্বতে মাওবাদীৰ নেতৃ আছিল ৷ মাওবাদীত থকাৰ বাবে নেতৃগৰাকীৰ অৰণ্যৰ মাজৰ সকলো অঞ্চল পৰিচিত হোৱাত সেই অঞ্চলৰ জনসাধাৰণৰ পৰিস্থিতি সম্পৰ্কেও তেওঁ জ্ঞাত ৷

মাওবাদীৰ নেত্ৰী হৈ থকাৰ সময়তে দানচাৰি অনূসূয়াই আইন অধ্যয়ণ কৰি পৰৱৰ্তী পৰ্যায়ত ৱাৰাংগল আদালতত আইনৰ অনুশীলন কৰিছিল ৷

পৰৱৰ্তী সময়ত নেত্ৰী গৰাকীয়ে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভ কৰিছিল ৷

লগতে পঢ়ক :জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু ৰাজৌৰীত পাকিস্তানৰ বোমাবৰ্ষণ

Last Updated : May 4, 2020, 5:12 PM IST

ABOUT THE AUTHOR

...view details