অসম

assam

By

Published : Apr 20, 2020, 9:03 AM IST

ETV Bharat / bharat

ভাড়াঘৰৰ মালিকক তিনিমাহৰ ভাড়া ৰখাই দিবলৈ আহ্বান তেলেংগানা চৰকাৰৰ

তেলেংগানা চৰকাৰে ৰাজ্যখনত থকা ভাড়াতীয়া লোকসকলৰ পৰা ভাড়াঘৰৰ মালিকসকলক তিনিমাহৰ দৰমহা ৰখাই থ'বলৈ নিৰ্দেশনা প্ৰদান কৰিছে । মাৰ্চৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী তিনিমাহৰ বাবে এই নিৰ্দেশনা দিয়া হৈছে আৰু লগতে ঘৰ ভাড়াৰ ওপৰত অতিৰিক্ত সুত গ্ৰহণ কৰাটো বাধা আৰোপ কৰিছে চৰকাৰে ।

তিনিমাহৰ ভাড়া ৰখাই দিবলৈ আহ্বান তেলেংগানা চৰকাৰৰ
তিনিমাহৰ ভাড়া ৰখাই দিবলৈ আহ্বান তেলেংগানা চৰকাৰৰ

নিউজ ডেস্ক, ২০ এপ্ৰিলঃলকডাউনৰ সময়ছোৱাত ভাড়াতীয়াসকল যাতে অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে তেলেংগানা চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । দেওবাৰে তেলেংগানা ৰাজ্যিক কেবিনেটে লকডাউন পৰৱৰ্তী ৭ মে'লৈ বঢ়াই দিয়াৰ লগতে, ৰাজ্যখনত থকা ভাড়াতীয়া লোকসকলৰ বাবে এই নিৰ্দেশনা প্ৰদান কৰে ।

লকডাউনৰ সময়ছোৱাত ৰাজ্যখনত ভাড়াঘৰত থকা লোকসকলৰ পৰা তিনিমাহৰ ভাড়া ৰখাই থ'বলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । মাৰ্চৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী তিনিমাহৰ বাবে এই নিৰ্দেশনাটো দেওবাৰে প্ৰদান কৰা হয় । ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে কেবিনেট মিটিঙত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ভাড়া গ্ৰহণ কৰাৰ ক্ষেত্ৰত ভাড়াতীয়াসকল মালিকৰ দ্বাৰা কোনো সমস্যাৰ সন্মুখীন হ'লে ১০০ নম্বৰত ফোন কৰিবলৈ কয় । ইয়াৰ উপৰিও এই তিনিমাহৰ ঘৰভাড়াৰ পৰা কোনো সুত গ্ৰহণ কৰিব নোৱাৰিব ভাড়াঘৰৰ মালিকে ।

ইয়াৰ উপৰিও আান এক সিদ্ধান্তৰ দ্বাৰা ২০২০-২১ শিক্ষাবৰ্ষৰ বাবে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহক মাছুল বৃদ্ধি নকৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে তেলেংগানা চৰকাৰে । বিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহ প্ৰতিমাহে কেৱল মাত্ৰ টিউচন মাছুল সংগ্ৰহ কৰিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে ।

মে' মাহৰ শেষৰ ভাগলৈ সম্পত্তি কৰ ৰখাই থোৱা আৰু বৈদ্যুতিক মাছুল এক নিৰ্ধাৰিত দৰত সংগ্ৰহ কৰিবলৈ কোৱা হৈছে । তেলেংগানা চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তই ৰাজ্যখনত কৰ্মসূত্ৰে থকা লোকসকলৰ বাবে অধিক সুবিধাজনক হ'ব বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়কঃজম্মু-কাশ্মীৰত আৰক্ষী জোৱানক গুলিয়াই হত্যা

ABOUT THE AUTHOR

...view details