অসম

assam

ETV Bharat / bharat

বেংকত শাৰী পাতি থাকোতে মহিলাৰ মৃত্যু

তেলেংগানাৰ কামৰাৰেড্ডী জিলাৰ এগৰাকী মহিলাই বেংকৰ পৰা সাহাৰ্যৰ ধন নিব আহি শাৰী পাতি থকা অৱস্থাতে মৃত্যুক আঁকোৱালী লয়। মহিলা গৰাকীৰ বয়স আছিল 45 বছৰ ।

By

Published : Apr 18, 2020, 2:58 PM IST

বেংকত শাৰী পাতি থাকোতে মহিলাৰ মৃত্যু
বেংকত শাৰী পাতি থাকোতে মহিলাৰ মৃত্যু

নিউজ ডেস্ক, 18 এপ্ৰিলঃ চৰকাৰে দিয়া সাহাৰ্যৰ 1500 টকা উলিয়াবলৈ বেংকত আহি শাৰী পাতি থকা অৱস্থাতেই ঢলি পৰি মৃত্যু হয় এগৰাকী মহিলাৰ । তেলেংগানাৰ কামৰাৰেড্ডী জিলাৰ মণ্ডল ব্লকৰ মুখ্য কাৰ্যালয়ত সংঘটিত হয় এই ঘটনা ।

অংগঠ কমলা নামৰ 45 বছৰীয়া মহিলা গৰাকী শাৰীত থিয় হৈ থাকোতেই হঠাতে ঢলি পৰে। তাৰ পিচতে ততালিকে সমীপৰ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।

কংগ্ৰেছ নেতা তথা প্ৰক্তন মন্ত্ৰী মহম্মদ আলী চাব্বিৰে মহিলাগৰাকীৰ মৃত্যুৰ বাবে জগৰীয়া কৰিছে ৰাজ্য চৰকাৰক। তেওঁৰ অভিযোগ যে,মহিলাগৰাকীয়ে দুদিন ধৰি তেওঁৰ সাহাৰ্যৰ ধন নিবলৈ আহিছে আৰু প্ৰখৰ ৰ'দত থিয় হৈ থাকিবলগীয়া হৈছে ।

নেতাগৰাকীয়ে কমলাৰেড্ডী চৰকাৰি হাস্পতালত যায় । আনহাতে মহিলাগৰাকীৰ পৰিয়াল আহি হাস্পতালৰ পৰাই মৃতদেহ ঘৰলৈ লৈ যায়। পৰিয়ালক সাক্ষাৎ কৰি চাব্বিৰে মহিলাগৰাকীৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ চৰকাৰক আহ্বান জনায়।

আনহাতে লক ডাউনৰ সময়চোৱাত তেলেংগানাৰ বিভিন্ন বেংকত দেখা গৈছে দীঘলীয়া শাৰী। আনহাতে এই শাৰী সমূহে মনা নাই সামাজিক দুৰত্ব ।

মঙলবাৰে ৰাজ্যখনৰ চৰকাৰে 74 লাখ দৰিদ্ৰ লোকৰ বেংকৰ একাউণ্টত সাহাৰ্য হিচাপে 1500 কৈ টকা দিম বুলি ঘোষণা কৰাৰ পাচতে বেংক সমূহত হিতাধিকাৰী সকলে আহি ভিৰ কৰিছিল ।

লগতে পঢ়কঃ কোভিড-১৯ : কৰদাতাসকললৈ সকাহ বিত্ত মন্ত্ৰালয়ৰ

ABOUT THE AUTHOR

...view details