অসম

assam

ETV Bharat / bharat

জনা-নজনা: এই চহৰত মৃত্যু হোৱাৰ অনুমতি নাই কোনো লোকৰ - এই চহৰত মৃত্যু হোৱাৰ অনুমতি নাই কোনো লোকৰ

সেই ঠাইত মৃত্যু নিষেধ ৷ ইয়েই হৈছে চহৰখনৰ এক জলন্ত সমস্যা ৷ ক'ত আছে এই চহৰ ৷ ইয়াৰ আঁৰৰ প্ৰকৃত বিষয়টো কি জানেনে ?

জনা-নজনা
জনা-নজনা

By

Published : Oct 19, 2020, 5:41 PM IST

নিউজ ডেস্ক, 19 অক্টোবৰ: এইখন গাঁৱত মৃতলোকক কবৰ দিলেও কোনো লাভ নাই ৷ কিয়নো বছৰৰ পাচত বছৰ পাৰ হ'লেও সেই কবৰৰ ভিতৰত একে অৱস্থাতে থাকি যায় মৃত লোকৰ শৰীৰ ৷ নৰৱেৰ স্ভেলবাৰ্ড দ্বীপৰ লায়েৰিং চহৰত ইয়েই হৈছে এক জলন্ত সমস্যা ৷ যাৰ বাবে সেই ঠাইত মৃত্যু নিষেধ ৷ ইয়াৰ আঁৰৰ প্ৰকৃত বিষয়টো কি জানেনে ?

নৰৱেত শীত ভয়াৱহ ৷ মানুহটো বাদেই শিলো বৰফ হৈ যায় এই ঠাইত ৷ বছৰৰ প্ৰতিটো সময়তে বৰফ হৈ থকা সেই স্থানত এটাই মাত্ৰ কবৰস্থান ৷ য'ত 1950 বৰ্ষত অৰ্থাৎ 10 বছৰ পূৰ্বেই কবৰস্থান কৰ্তৃপক্ষই শৱদেহ সৎকাৰ কৰা বন্ধ কৰি দিছিল, যদিও প্ৰায় 1500 লোকৰ বসতিস্থল লায়েৰিং চহৰ ৷

কাৰণ একেটাই, হাড় কঁপোৱা জাৰ ৷ যাৰ বাবে কবৰ দিয়াৰ পাচতো মাটিৰ তলত একেটা অৱস্থাতে ৰৈ যায় মৃতদেহ ৷ বহু বছৰ পাচতো পচি নাযায় মৃতদেহ, মিলি নাযায় মাটিৰ স'তে ৷ এনে অৱস্থাত চহৰখনক বাসিন্দা সকলৰ অধিকাৰ নাই চহৰখনত শেষ নিশ্বাস ত্যাগ কৰাৰ ৷ যাৰ বাবে বাধ্য হৈ গোটেই জীৱন সেই স্থানত কটাইয়ো বৃদ্ধ বয়সত জীৱনৰ শেষ নিশ্বস ত্যাগ কৰিবলৈ তেওঁলোক যাবলগীয়া হয় আন প্ৰান্তলৈ ৷ যদি কনো লোক হঠাতে ঢুকায় তেন্তে কি কৰে ?

তেনে হ'লে মৃতদেহ জাহাজত উঠাই নি অন্য কোনো ঠাইত পঠিয়াই দিয়া হয় ৷ এই চহৰৰ এনে নিয়ম বিজ্ঞানীসকলৰো চৰ্চাৰ বিষয় ৷

লগতে পঢ়ক:জনা-নজনা: পৃথিৱীৰ ভিন্ন প্ৰান্তত মৃতদেহ সৎকাৰৰ ভিন্ন নিয়ম

ABOUT THE AUTHOR

...view details