চিটাৰা ডেস্ক, ৫ অক্টোবৰ: নকল প্ৰেছক্ৰিপচন প্ৰস্তুত কৰা গোচৰৰ শুনানিৰ বাবে মুম্বাই উচ্চ ন্যায়ালয়ত উপস্থিত হৈ এই অভিযোগৰ আবেদন খাৰিজ কৰিবলৈ আহ্বান জনায় সুশান্ত সিং ৰাজপুতৰ ভগ্নী প্ৰিয়ংকা আৰু মীতুৱে। যোৱা ৭ ছেপ্টেম্বৰত ৰিয়া চক্ৰৱৰ্তীৰ অভিযোগৰ ভিত্তিত বান্দ্ৰা আৰক্ষীয়ে সুশান্তৰ ভগ্নী প্ৰিয়ংকা আৰু মীতু আৰু ৰাম মনোহৰ লোহিয়া হাস্পতালৰ চিকিৎসক তৰুণ কুমাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। সুশান্তৰ বাবে নকল প্ৰেছক্ৰিপচন প্ৰস্তুত কৰা আৰু ৰিয়াৰ লগত আলোচনা নকৰাকৈয়ে ঔষধ সেৱন কৰোৱাৰ অভিযোগ উত্থাপিত হৈছিল।
ন্যায়াধীশ এছ কে ছিন্দে আৰু এম এছ কৰ্ণিকৰ খণ্ড বিচাৰপীঠে মঙলবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰে আৰু অতি জৰুৰীভাৱে ৰায়দানৰ প্ৰয়াজনীয়তা নাই বুলি উল্লেখ কৰি পৰৱৰ্তী শুনানি ১৩ অক্টোবৰত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে। নাৰ্ক'টিক্স ড্ৰাগছ ছাবটেনছ অধিনিয়ম, ১৯৮৫ৰ অধীনত সুশান্তৰ দুই ভগ্নী আৰু চিকিৎসক তৰুণ কুমাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। শুনানিত সুশান্ত দুই ভগ্নীয়ে কয় যে, এই গোচৰ কেৱল সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ বাতৰিৰ ওপৰত ভিত্তি কৰি ৰুজু কৰা হৈছে আৰু এয়া বিসংগতিপূৰ্ণ।