নিৰ্বাচনী নিৰ্ধাৰিত ব্যয়ৰ পৰিমাণ অতিক্ৰম চানী দেউলৰ - গুৰদাসপূৰ
অত্যধিক ব্যয়ৰ কাৰণ দৰ্শাবলৈ সাংসদ গৰাকীলৈ জাননী প্ৰেৰণ নিৰ্বাচনী আয়োগৰ ৷
নিউজ ডেস্ক, 20 জুন : লোকসভা নিৰ্বাচনত নিৰ্ধাৰিত খৰচতকৈ খৰচৰ মাত্ৰা অতিক্ৰম কৰাৰ বাবেই জবাবদিহি চানী দেউল ৷ নিৰ্বাচন আয়োগে নিৰ্বাচনী খৰচৰ বাবদ নিৰ্ধাৰণ কৰা 70 লাখ টকাতকৈ চানী দেউলৰ খৰচৰ মাত্ৰা বৃদ্ধি পোৱা পোৱাৰ কাৰণ দৰ্শাবলৈ গুৰদাসপুৰৰ সাংসদ তথা অভিনেতা চানী দেউলক আহ্বান গুৰদাসপুৰৰ জিলা আয়ুক্ত তথা নিৰ্বাচনী বিষয়া বিপুল উজ্বলৰ ৷
দেউলৰ মুঠ নিৰ্বাচনী ব্যয়ৰ পৰিমাণ নিৰ্বাচনী আয়োগে ৰাজহুৱা কৰা নাই যদিও এই খৰচৰ পৰিমাণ 86 লাখ টকা বুলি প্ৰকাশ কৰিছে নিৰ্ধাৰিত সূত্ৰই ৷ এই সন্দৰ্ভত নিৰ্বাচনী আয়োগৰ তৰফৰ পৰা চানী দেউললৈ এক জাননী পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি প্ৰকাশ কৰে বিপুল উজ্বলে ৷
উল্লেখ্য যে, পঞ্জাৱৰ গুৰদাসপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই 82,456 টা ভোটৰ ব্যৱধানত জয়যুক্ত হৈছিল অভিনেতা চানী দেউল ৷