অসম

assam

ETV Bharat / bharat

কেনেকুৱা হ'ব ৰাম মন্দিৰৰ আন্তঃগাঁথনি.. - ৰাম মন্দিৰ নিৰ্মাণ

300 কোটি টকাৰে নিৰ্মাণ কৰা হ’ব অযোধ্যাৰ ৰাম মন্দিৰ ৷ ভূমি পূজনত ব্যৱহাৰ কৰা হ’ব ৰূপৰ ইটা ৷ গঙ্গা , যমুনা আৰু সৰস্বতীৰ পবিত্ৰ সংগমস্থলীৰ পৰা অনা হ’ব বালি আৰু পানী ৷ ভৱিষ্যতে ইতিহাস সম্পৰ্কে অধ্যয়ণ কৰিব খোজা সকলৰ সুবিধাৰ্থে স্থাপন কৰা হ’ব "টাইম কেপছুল" ৷

STRUCTURE OF RAM TEMPLE
তিনিমহলীয়াকৈ নিৰ্মাণ কৰা হ’ব ৰাম মন্দিৰ

By

Published : Aug 3, 2020, 7:19 PM IST

নিউজ ডেস্ক , 3 আগষ্টঃ বহু প্ৰতিক্ষিত অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনৰ দিন সমাগত ৷ ৰাম মন্দিৰৰ ভূমি পূজনৰ বাবে 5 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ’ব অযোধ্যাত ৷ বৈদিক জ্যোতিষ গণনাৰ দ্বাৰা নিৰ্ণয় কৰা কৰা "অভিজাত মহুৰত"ৰ সময় মতে 5 আগষ্টত দিনৰ 11:00 বজাৰ পৰা 1:30 বজাৰ ভিতৰত অনুষ্ঠিত হ’ব ভূমি পূজন অনুষ্ঠান ৷ নিৰ্মান হ’ব লগা বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ হিন্দু মন্দিৰটোৰ নিৰ্মানৰ কাম আগন্তুক 3 ৰ পৰা 5 বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে ৷

ভূমি পূজন কি ?

হিন্দু ধৰ্মত পৃথিৱী আৰু প্ৰকৃতিক পবিত্ৰ তথা আধ্যাত্মিক দৃষ্টিৰে গ্ৰহণ কৰা যায় ৷ সেইবাবেই যিকোনো গৃহ নিৰ্মাণৰ পূৰ্বে আৰু কৃষি কাৰ্যৰ পূৰ্বে পৃথিৱী আৰু প্ৰকৃতিক সন্তুষ্ট কৰিবৰ বাবে বা আশীষ গ্ৰহণ কৰিবৰ বাবে ভূমি পূজন অনুষ্ঠিত কৰা হয় ৷ উল্লেখ্য যে, ধৰ্মীয় , আৱাসিক বা বাণিজ্যিক সকলো কাৰ্যকলাপৰ বাবে গৃহ নিৰ্মাণৰ পূৰ্বে ভূমি পূজন কৰাৰ প্ৰথা হিন্দু ধৰ্মত আছে ৷

নিৰ্মাণ হ’ব লগা মন্দিৰটোৰ কাঠামোঃ

অযোধ্যাত নিৰ্মাণ হ’ব লগা ৰাম মন্দিৰৰ ভেঁটিটো 15 ফুট গভীৰ হৱ বুলি প্ৰকাশ কৰিছে মন্দিৰ নিৰ্মান ন্যাসে ৷ মন্দিৰত মুঠ 8 টা স্তৰ থাকিব আৰু প্ৰত্যকটো স্তৰৰ ব্যাসাৰ্ধ হ'ব 2 ফুট ৷ পূৰ্বে এই মন্দিৰৰ উচ্চতা 141 ফুঠ ধাৰ্য কৰা হৈছিল যদিও পাছত 161 ফুট উচ্চতাৰ মন্দিৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ন্যাসে ৷ মন্দিৰৰ প্ৰস্থ হ’ব 140 ফুট ৷ 69 একৰ ভূমিত নিৰ্মাণ কৰিব লগা মন্দিৰটো হ’ব 5 টা গম্বুজ থকা পৃথিৱীৰ একমান্দ্ৰ মন্দিৰ ৷ 318 টা খুঁটাৰে সৈতে তিনিমহলীয়াকৈ নিৰ্মাণ কৰা হ’ব মন্দিৰটো ৷ প্ৰত্যেকটো মহলাত থাকিব 106 টা খুঁটা ৷ গুৰুত্বপূৰ্ণ যে , হিন্দু পৌৰাণিক পৰম্পৰাৰে কাৰুকাৰ্য খচিত কৰা হ’ব খুঁটা সমূহত ৷ মন্দিৰটো প্ৰকৃততে দুই মহলাৰ হ’ব যদিও সৌন্দৰ্য বদ্ধৰ্নৰ বাবে তিনি মহলীয়া কৰাৰ সিদ্ধান্ত লয় মন্দিৰ নিৰ্মান ন্যাসে ৷

তিনিমহলীয়াকৈ নিৰ্মাণ কৰা হ’ব ৰাম মন্দিৰ

মন্দিৰ চৌহদত ভক্ত সকলে পূজা কৰাৰ বাবে , মন্দিৰৰ চাৰিওফালে পৰিক্ৰমা কৰিবৰ বাবে আৰু জিৰণি ল’বৰ বাবেও থাকিব পৰ্যাপ্ত স্থান ৷ মন্দিৰত প্ৰবেশৰ বাবে থাকিব 5 খন দুৱাৰ ৷ সিংহ দ্বাৰ , নৃত্য মণ্ডপ , ৰাণ্ড মণ্ডপ , পূজা কোঠা আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ গৰ্ভ গৃহ ৷ প্ৰথম মহলাত স্থাপন কৰা হ’ব "ৰাম লাল্লা"ৰ প্ৰতিমূৰ্তি ৷ মন্দিৰৰ 2000 ফুঁট গৰ্ভত স্থাপন কৰা হ’ব এটা "টাইম কেপছুল"৷ ভৱিষ্যতে ৰাম মন্দিৰৰ ইতিহাস সম্পৰ্কে অধ্যয়ণ কৰিব খোজা সকলৰ সুবিধাৰ্থে স্থাপন কৰা হ’ব এই টাইম কেপছুল

গয়া ধামত নিৰ্মান কৰা 80 কেজি ওজনৰ এটা ৰূপৰ ইটা , ফাল্গু নদীৰ বালিৰে নিৰ্মাণ কৰা হ’ব মন্দিৰৰ ভেঁটি ৷ ভূমি পূজনৰ সময়ত মন্দিৰৰ পবিত্ৰ গৰ্ভত স্থাপন কৰা হ’ব 5 টা ৰূপৰ ইটা ৷ উক্ত 5 টা ইটাই হিন্দু সভ্যতাৰ 5 টা গ্ৰহক সূচাব ৷

ভূমি পূজনৰ বাবে গঙ্গা , যমুনা আৰু সৰস্বতীৰ পবিত্ৰ সংগমস্থলীৰ লগতে দেশৰ 11 খন পবিত্ৰ স্থানৰ পৰা অনা হ’ব বালি আৰু পানী ৷ এই পবিত্ৰ সাথান সমূহৰ ভিতৰত অন্তঃভূক্ত হৈ আছে দিল্লীৰ মন্দিৰ আৰু গুৰুদ্বাৰৰ ভূমি ৷ 10 একৰ ভূমিত মন্দিৰৰ কংক্ৰিটৰ গাঁথনিটো নিৰ্মাণ কৰাৰ বিপৰীতে 57 একৰ মাটি মন্দিৰৰ চৌহদ হিচাপে নিৰ্মাণ কৰা হ’ব ৷ চৌহদত ৰোপণ কৰা হ’ব 27 জোপা নক্ষত্ৰ বৃক্ষ ৷ আন এক লক্ষ্যণীয় দিশ এয়ে যে , মন্দিৰৰ নিৰ্মাণত ব্যৱহাৰ কৰা নহয় লোহাৰ সামগ্ৰী ৷ ব্যৱহাৰ কৰা হ’ব গৃহ নিৰ্মাণৰ উপযোগী "মৰাং" নামৰ এবিধ সামগ্ৰী ৷ বাল্মিকী ৰামায়নত ব্যৱহাৰ কৰা কেইবাজোপাও বৃক্ষৰ লগতে সমগ্ৰ এলেকাটোক বাল্মিকী ৰামায়নৰ নামেৰে নামাকৰণ কৰা হ’ব ৷

ভগৱান ৰামৰ জীৱনৰ ওপৰত আধাৰিত বিভিন্ন শিল্প কাৰুকাৰ্য খচিত "ৰামকথা কুঞ্জ পাৰ্ক" নামেৰে এখন পাৰ্ক স্থাপন কৰা হ’ব মন্দিৰ চৌহদত ৷ ৰামমন্দিৰৰ খনন কাৰ্যত উদ্ধাৰ হোৱা সামগ্ৰী সমূহৰ এটা সংগ্ৰহালয় স্থাপন কৰাৰ লগতে মন্দিৰ চৌহদত নিৰ্মাণ কৰা হ’ব গোশালা , ধৰ্মশালা আৰু আন কেইবাটাও ক্ষুদ্ৰ মন্দিৰ ৷ ভূমি পূজনৰ বাবে নিৰ্মাণ কৰা হৈছে এখন "ক’পাৰ প্লেট" য’ত সংস্কৃত ভাষাত মন্দিৰৰ সকলো তথ্য সন্নিবিষ্ট কৰা হ’ব ৷

ৰাম মন্দিৰ প্ৰকল্পৰ আৰ্কিটেক্ট চন্দ্ৰকান্ত চম্পুৰাৰ পুত্ৰ তথা আৰ্কিটেক্ট লিখিল চম্পুৰা আৰু আসীষ চম্পুৰাই নিৰ্মান কৰি উলিয়াইছে মন্দিৰৰ সংশোধিত নক্সা ৷ মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবৰ বাবে আনুমানিক ব্যয় হ’ব 300 কোটি টকা ৷ আনহাতে মন্দিৰৰ সমীপৰ 20 একৰ মাটিত উন্নয়নৰ বাবে প্ৰয়োজন হ’ব প্ৰায় 1000 কোটি টকা ৷

ABOUT THE AUTHOR

...view details