নিউজ ডেস্ক, 8 জুলাই: উত্তৰ প্ৰদেশৰ হামিৰপুৰত হোৱা এক প্ৰচণ্ড গুলীয়াগুলী ঘটনাত দুজন আৰক্ষী কৰ্মী আহত হোৱাৰ বিপৰীতে নিহত হয় গেংষ্টাৰ বিকাশ ডুবেৰ ঘনিষ্ঠ অমৰ ডুবে । বুধবাৰে হোৱা গুলীয়াগুলী ঘটনাত আহত হয় এছটিএফ হাবিলদাৰ আৰু এজন এছএইজঅ' ।
কানপুৰ আৰক্ষী থানাত বিকাশ ডুবে আৰু অমৰ ডুবেৰ ওপৰত ৰুজু হৈ আছিল গোচৰ । সেই সন্দৰ্ভত গোপন তথ্য়ৰ ভিত্তিত অমৰ ডুবেৰ চলাচলৰ খবৰ লাভ কৰিয়ে আৰক্ষীয়ে অমৰ ডুবেক গ্ৰেপ্তাৰ কৰাৰ অভিযান আৰম্ভ কৰিছিল বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক শ্বলক কুমাৰে ।
এনকাউণ্টাৰত মৃত্য অমৰ ডুবে, আহত দুই আৰক্ষী সেই অভিযানৰ সময়তে অভিযুক্তগৰাকীয়ে আৰক্ষীক লক্ষ্য় কৰি গুলীচালনা কৰাত এজন এছ এইজ অ' আৰু এজন এছ টি এফ হাবিলদাৰ আঘাতপ্ৰাপ্ত হয় । সেই আক্ৰমণৰ আৰক্ষীৰ প্ৰত্যুত্তৰত নিহত হয় গেংষ্টাৰ বিকাশ ডুবেৰ ঘনিষ্ঠ অমৰ ডুবে । নিহত অমৰ ডুবেৰ পৰা স্বয়ংক্ৰিয় অস্ত্ৰৰ লগতে এটা বেগ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।
যোৱা 2 জুলাইত বিকাশ ডুবে আৰু তেওঁৰ গেঙটোৱে আৰক্ষীৰ ওপৰত ধাৰাষাৰ গুলীবৰ্ষণ কৰি 8 গৰাকী আৰক্ষীক হত্য়া কৰিছিল । আনহাতে সেই আক্ৰমণতে আহত হৈছিল 6 গৰাকীকৈ আৰক্ষী । ইতিমধ্যে বিকাশ ডুবেক গ্ৰেপ্তাৰ কৰাৰ বাবে তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । লগতে বিকাশৰ সন্ধান দিব পৰা লোকক 2.5 লাখ টকাৰ পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰিছে আৰক্ষীয়ে ।