অসম

assam

ETV Bharat / bharat

জম্মু কাশ্মীৰৰ শ্বেৰ এ কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সত আৰম্ভ প্লাজমা থেৰাপি

ক'ৰণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত সংকটজনক অৱস্থাৰ ৰোগীৰ চিকিৎসাৰ বাবে শ্বেৰ এ কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সে কেন্দ্ৰীয় চৰকাৰ তথা আইচিএমআৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত Convalescent Plasma Therapy (CPT)ত গুৰুত্ব দিছে ৷

Srinagar hospital begins 'plasma therapy' for COVID-19 patients
জম্মু কাশ্মীৰৰ শ্বেৰ এ কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সত আৰম্ভ প্লাজমা থেৰাপি

By

Published : Jul 10, 2020, 3:40 PM IST

জম্মু কাশ্মীৰ, 10 জুলাই : জম্মু কাশ্মীৰৰ শ্বেৰ এ কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সে ক'ৰণা ভাইৰাছৰ চিকিৎসাৰ বাবে প্ৰথমবাৰৰ বাবে প্লাজমা থেৰাপি পৰিচালনা কৰিব ৷ উল্লেখ্য যে, সমগ্ৰ বিশ্বতে ক'ৰণা ভাইৰাছৰ চিকিৎসাৰ বাবে প্লাজমা থেৰাপিক প্ৰাধান্য দিয়া দিয়া হৈছে ৷ শ্বেৰ এ কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সে বৃহস্পতিবাৰে এক বিবৃতিত প্ৰকাশ কৰে এই কথা ৷

ক'ৰণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত সংকটজনক অৱস্থাৰ ৰোগীৰ চিকিৎসাৰ বাবে শ্বেৰ এ কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সে কেন্দ্ৰীয় চৰকাৰ তথা আইচিএমআৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত Convalescent Plasma Therapy (CPT)ত গুৰুত্ব দিছে ৷

শ্বেৰ এ কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সৰ মুখ্য কমিতিয়েও প্লাজমা থেৰাপি আৰম্ভ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে ৷ প্ৰতিষ্ঠানখনৰ জেনেৰেল মেডিচিন বিভাগৰ তৃতীয় বৰ্ষৰ ছাত্ৰ ছাজাদ ভট্টে প্ৰথমবাৰৰ বাবে প্লাজমা দান কৰে ৷

লগতে পঢ়ক : ৰাজ্যত পুনৰ ক'ৰণাত মৃত্যু চাৰি গৰাকীৰ

ABOUT THE AUTHOR

...view details