নেচনেল ডেস্ক, 11 ডিচেম্বৰ:ভাৰতত বাস কৰা শ্ৰীলংকাৰ 1 লক্ষাধিক তামিল লোকক নাগৰিকত্ব দিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায় ধৰ্মগুৰু শ্ৰীশ্ৰী ৰবি শংকৰে ৷ যোৱা 35 বছৰে ভাৰতত শৰণাৰ্থী হিচাপে থকা লোকসকলৰ সন্দৰ্ভত,এটা টুইটৰ যোগে এই কথা উল্লেখ কৰে ধৰ্মগুৰু গৰাকীয়ে ৷
এই প্ৰসংগত তেওঁ প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ এ পি জে আব্দুল কালামকো সাক্ষাৎ কৰিছিল বুলি আন এটা টুইটযোগে জনায় ৷ তেওঁ আনটো টুইটত কৈছে যে, 'শ্ৰীলংকাৰ শৰণাৰ্থী সকলৰ বিষয়ে মই ড৹ এ পি জে আব্দুল কালামক সাক্ষাৎ কৰিছিলো,তেওঁ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়তে ৷ মনমোহন সিং চৰকাৰৰ দিনত ইয়াৰ বাবে তামিলনাডুৰ পৰা 10 কোটি সাক্ষৰো উপস্থাপন কৰা হৈছিল ৷ যি সময়ত শ্ৰীলংকাৰ শৰণাৰ্থী সকলক ইউৰোপ,কানাডাৰ লগতে অন্যান্য দেশ সমূহতো নাগৰিকত্ব প্ৰদান কৰা হৈছে,তেনে সময়ত বৰ্তমানেও সেইসকল লোকে ভাৰতত শৰণাৰ্থী শিবিৰত বাস কৰিবলগীয়া হৈছে ৷ মই ইতিমধ্যে ব্যক্তিগতভাৱে সেই শিবিৰ সমূহত গৈ দেখিছো যে, তেওঁলোকৰ অৱস্থা সঁচাকৈয়ে অতি দুখজনক ৷'