অসম

assam

ETV Bharat / bharat

হাথৰসৰ গণধৰ্ষণ : বাল্মিকীৰ বাসগৃহত সমাজবাদী পাৰ্টীৰ প্ৰতিনিধি দল - উত্তৰ প্ৰদেশ

উত্তৰ প্ৰদেশৰ হাথৰসত গণধৰ্ষণৰ বলি হৈ কৰুণ মৃত্যুক সাৱতিব লগীয়া হোৱা যুৱতীগৰাকীৰ বাসগৃহলৈ বাট বুলিছে ইটোৰ পিছত সিটো ৰাজনৈতিক দলে । কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ পিছত এইবাৰ নিৰ্যাতিতা যুৱতীৰ পৰিয়ালৰে সাক্ষাৎ সমাজবাদী পাৰ্টীৰ প্ৰতিনিধি দলৰ । নিৰ্যাতিতা যুৱতীৰ ন্যায়িক যুঁজত সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিলে প্ৰতিনিধিৰ দলে ।

হাথৰসৰ গণধৰ্ষণ: নিৰ্যাতিতা যুৱতীৰ বাসগৃহত সমাজবাদী পাৰ্টীৰ প্ৰতিনিধিৰ দল
হাথৰসৰ গণধৰ্ষণ: নিৰ্যাতিতা যুৱতীৰ বাসগৃহত সমাজবাদী পাৰ্টীৰ প্ৰতিনিধিৰ দল

By

Published : Oct 5, 2020, 12:56 PM IST

নেশ্যনেল ডেস্ক, ৫অক্টোবৰ:উত্তৰ প্ৰদেশৰ হাথৰসত গণধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীৰ পৰিয়ালৰে দেওবাৰে সাক্ষাৎ কৰিলে সমাজবাদী পাৰ্টীৰ প্ৰতিনিধিৰ দলে । ন্যায় লাভৰ অপেক্ষাত থকা দুৰ্ভগীয়া পৰিয়ালটোক পাৰ্যমানে সহায় কৰাৰ আশ্বাস প্ৰদান কৰে প্ৰতিনিধিৰ দলটোৱে । ইয়াৰ পূৰ্বে দলটোৰ শীৰ্ষনেতাক যুৱতীগৰাকীৰ পৰিয়ালৰে সাক্ষাৎ কৰিবলৈ আহি থাকোঁতে চৰকাৰী বিষয়াই আগ্ৰাৰ সমীপৰ এটা টোল গে'টত বাধা প্ৰদান কৰিছিল বুলি টুইটযোগে অভিযোগ উত্থাপন কৰে দলৰ নেতৃত্বই ।

টুইটত উল্লেখ কৰা হৈছে যে, বলপূৰ্বকভাৱে বাধা প্ৰদান কৰা এই কাৰ্য গণতন্ত্ৰৰ মৃত্যুক সূচাইছে । নিৰ্যাতিতা যুৱতীগৰাকীৰ ন্যায়িক যুঁজত পৰিয়ালৰ সৈতে সমাজবাদী পাৰ্টী সদায়ে থাকিব বুলি টুইটত লিখিছে । সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেষ যাদৱে শনিবাৰে দলটোৰ ৰাজ্যিক গোটৰ প্ৰমুখ উত্তম পেটেলৰ নেতৃত্বত 11 জনীয়া দলৰ গঠন কৰে আৰু নিৰ্যাতিতা যুৱতীগৰাকীৰ পৰিয়ালৰে সাক্ষাৎ কৰাৰ নিৰ্দেশ দিয়ে । দেওবাৰে যুৱতীগৰাকীৰ পৰিয়ালৰে আলোচনা কৰাৰ পিছতে টুইটযোগে এই কথা প্ৰকাশ কৰে দলটোৱে ।

সমাজবাদী পাৰ্টীৰ প্ৰতিনিধিৰ দলটোৱে দুৰ্ভগীয়া পৰিয়ালটোৰ সকলো চৰ্ত মানি লয় । উল্লেখ্য যে, ৰাষ্ট্ৰীয় লোকদলে অভিযোগ উত্থাপন কৰিছে যে, হাথৰস অভিমুখে আহি থকা অৱস্থাত দলটোৰ উপাধ্যক্ষ জয়ন্ত চৌধুৰী আৰু আন কৰ্মকৰ্তাৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰে । আৰক্ষীৰ এনে কাৰ্যৰ সমালোচনা কৰি অধ্যক্ষ মছুদ আহমেদে কয় যে, বিজেপিয়ে কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা কৰিছে । আনহাতে, আৰক্ষীয়ে স্থাপন কৰা বেৰিকেড বলপূৰ্বকভাৱে ভাঙি ৰাস্তা উলিয়াবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে সামান্য হেঁচা প্ৰয়োগ কৰে বুলি মত প্ৰকাশ কৰে অতিৰিক্ত আৰক্ষী আয়ুক্ত প্ৰশান্ত কুমাৰে ৷

লগতে পঢ়ক :ভাৰত-ম্যানমাৰৰ আলোচনাৰ মাজতেই বৃদ্ধি বিদ্ৰোহী সংগঠনৰ কাৰ্যকলাপ

ABOUT THE AUTHOR

...view details